মীৰাবাই চানুলৈ ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিলে মুখ্য মন্ত্ৰী বীৰেন সিঙে

CWG 2018 - Chanu Saikhom wins gold in 48kg weightlifting

ফাইল ফটো

চলিত কমনৱেল্‌থ গেইমছত নতুন অভিলেখ স্থাপনেৰে দেশলৈ স্বৰ্ণ কঢ়িয়াই অনা মণিপুৰৰ কৃতী ভাৰোত্তোলক মীৰাবাই চানুলৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ১৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰিছে।

উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ থকা ২১শ কমনৱেল্‌থ গেইমছত মহিলাৰ ৪৮ কেজি শাখাত মীৰাবায়ে স্নেট্‌ছত ৮৬ কেজি আৰু ক্লীন এণ্ড জাৰ্কত‌ ১১০ কেজি দাঙি পূৰ্বে নিজে স্থাপন কৰা কমনৱেল্‌থ গেইমছ ৰেকৰ্ড ভংগ কৰে। তেওঁ মুঠ ১৯৬ কেজি দাঙি স্বৰ্ণ পদক পায়। তেওঁ দ্বিতীয় স্থানৰ মৌৰিচিয়াছৰ মেৰী হনিত্ৰা ৰল্যাতকৈ ২৬ কেজি অধিক উত্তোলন কৰে।

আজি মুখ্য মন্ত্ৰী বীৰেন সিঙে ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত দলীয় কাৰ্য্যালয়ত খেলুৱৈগৰাকীলৈ ১৫ লাখ টকা দিয়াৰ  এই ঘোষণাটো কৰে।

আনহাতে সঞ্জিতা চানুৱেও আজি পুৱা (ভাৰতীয় সময়মতে) অনুষ্ঠিত ভাৰোত্তোলনৰে ৫৩ কেজি শাখাত সোণৰ পদক পাই ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূবক অধিক গৌৰৱিত কৰিছে। তেওঁ স্নেট্‌ছত ৮৪ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৮ কেজি, মুঠ ১৯২ কেজি উত্তোলন কৰি স্বৰ্ণপদক পায়। সঞ্জিতাই ২০১৪ চনত গ্লাছগোত হোৱা প্ৰতিযোগিতাতো ৪৮ কেজি শাখাত স্বৰ্ণপদক লাভ কৰিছিল।

মুখ্য মন্ত্ৰী বীৰেন সিঙে তেওঁৰ এটা টুইটত কয়, Wow! We have done it again! Congratulations Sanjita Chanu, proud of you for making Manipur proud and India proud! You really are really great Manipuri Meitei Ningols(meaning Manipuri Meitei daughters).Both your and Mirabai Chanu makes us really proud.

উল্লেখযোগ্য যে মীৰাবাই চানুৱে লাভ কৰা পদকটোৱেই আছিল এইবাৰ কমনৱেল্‌থ গেইমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণপদক।

আনহাতে ৰাজ্যখনৰ লোকসভাৰ সাংসদ ড০ টি মেইন্যায়ো তেওঁলোকৰ সফলতাৰ বাবে মীৰাবাই আৰু সঞ্জিতাক অভিনন্দন জ্ঞাপন কৰিছে।