মুখ্যমন্ত্ৰীৰ সুৰতে বিজেপি কাৰ্যনিৰ্বাহকৰ মত : অসম আৰু অসমীয়াৰ অস্তিত্ব বিঘ্নিত হোৱা কাম নকৰে বিজেপিয়ে

18-05-18 Nalbari- BJP Executive meeting (2)

নলবাৰীত অনুষ্ঠিত বিজেপিৰ কাৰ্নিৰ্বাহকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতৃবৰ্গ, শুকুৰবাৰে। ফটো : ইউ বি

বিজেপি দলে অসম আৰু অসমীয়াৰ অস্তিত্ব বিঘ্নিত হোৱা কাম কোনো কাৰণতে কেতিয়াও নকৰে বুলি স্পষ্ট কৰিছে। শুকুৰবাৰে নলবাৰীত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যৰ্নিৰ্বাহক সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত লোৱা প্ৰস্তাৱ অনুসৰি যুটীয়া সংসদীয় সমিতিয়ে শুনানি গ্ৰহণ কৰি থকা আইনখন সম্পৰ্কত কৌশলগতভাৱে সমৰ্থন আগবঢ়াইছে।

কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা প্ৰস্তাৱত কোৱা হৈছে যে ২০১৬ চনৰ ২৪ মে’ত ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীৰ আস্থা আৰু সমৰ্থনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰে পৰা অসমৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহক ৰাইজে আদৰি লোৱাৰ লগতে প্ৰগতিৰ পথত সহযোগিতা আগবঢ়াইছে।

বিজেপি কাৰ্যনিৰ্বাহকত উপস্থিত দলৰ নেতা-কৰ্মীসকল। ফটো : ইউ বি

এনে এক সুস্থ পৰিৱেশৰ মাজতে শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ গইনা লৈ একাংশ লোকে ৰাজ্যখনৰ জনসাধাৰণক প্ৰৰোচিত কৰি এক উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। কাৰ্যনিৰ্বাহক সভাই ‘’অসমৰ ৩ কোটি ৩০ লাখ লোকক স্পষ্টভাৱে জনাব বিচাৰে যে ৰাজ্য আৰু ৰাজ্যবাসীৰ স্বাৰ্থত পূৰ্বৰ দৰে আমি দায়বদ্ধতাৰে দলীয় দায়িত্ব পালন কৰি যাম। অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হোৱা কোনো কাৰ্যক আমাৰ দল আৰু চৰকাৰে সমৰ্থন নকৰে।‘’

প্ৰস্তাৱত লগতে কোৱা হৈছে যে ‘’বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাবাসীয়ে অতীজৰে পৰা সমন্বয় আৰু ভাতৃত্ববোধেৰে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ বাবে একেলগে সহযোগিতা আগবঢ়াই আহিছে। ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য আৰু সংহতিত সন্দেহ সৃষ্টি কৰিবলৈ এটা চক্ৰই পৰিকল্পিতভাৱে অহৰহ যুক্তিহীন কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।‘’

কাৰ্যনিৰ্বাহকত অসমৰ মাটি নাগালিমত অন্তৰ্ভুক্ত কৰা বুলি একাংশই অপপ্ৰচাৰ চলোৱাৰ লগতে ৰাজ্যখনৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ভয়াবহ দিশটোৱে অসমৰ আৰ্থ-সামজিক-সাংস্কৃতিক ৰাজনৈতিক আদি সকলো ক্ষেত্ৰতে কঢ়িয়াই অনা অশনি সংকেতৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰে। তদুপৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ সময়ত ইয়াক বাধাগ্ৰস্ত কৰি বিদেশী অনুপ্ৰৱেশৰ বিষয়টোক জীয়াই ৰখাৰ বাবেও এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা বুলিও সভাই মত পোষণ কৰে।