আজি তিনিচুকীয়া জিলাৰ বৰডুমচাত মুখ্য মন্ত্ৰী সোণোৱালে আগন্তুক অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বৰডুমচা অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে। আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰি তেওঁ উপস্থিত লোকসকলক সম্বোধি কয় যে অধিৱেশনখন সফল কৰি তুলিবৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো সাহায্য আৰু সেৱা আগ বঢ়াব। তেওঁ অসম সাহিত্য সভাৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ কয় যে এইবাৰ অসম সাহিত্য সভাৰ অধিৱেশন সীমামূৰীয়া অঞ্চলত হোৱা বাবে এই অধিৱেশনৰ জৰিয়তে আমাৰ অৰুণাচল প্ৰদেশৰ লোকৰ সৈতে ভাতৃত্ববোধ, আৰু পাৰস্পৰিক বুজাবুজি তথা বিশ্বাসৰ এক সুযোগ মিলিব। অনুষ্ঠানটোত মুখ্য মন্ত্ৰীজনক সংগ দিয়ে স্থানীয় বিধায়কজনে। লগতে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পৰমানন্দ ৰাজবংশীও অনুষ্ঠানটোত উপস্থিত আছিল। উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ এই বিশেষ অধিৱেশনখন অহা ১ ফেব্ৰুৱাৰিৰ পৰা ৪ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’ব।
মুখ্য মন্ত্ৰীয়ে স্থাপন কৰিলে অসম সাহিত্য সভাৰ বৰডুমচা অধিৱেশনৰ লাইখুঁটা
-
By NE NOW NEWS
- Categories: অসম
Related Content
কংগ্ৰেছ সভাপতি খাৰ্গেৰ হেলিকপ্টাৰত তালাচী; গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ তুলি সৰৱ কংগ্ৰেছ!
By
এন ই নাও নিউজ ব্যুৰো
May 12, 2024 1:22 pm
নাছাই প্ৰকাশ কৰিলে একেৰাহে দুটাকৈ সৌৰ বিস্ফোৰণৰ ছবি; সৌৰ ধুমুহাৰ আশংকা বৃদ্ধি
By
এন ই নাও নিউজ ব্যুৰো
May 12, 2024 12:18 pm
ঋষভ পন্তক নিৰ্বাসনত পঠিয়ালে বিচিচিআইয়ে! দিল্লী কেপিটেলছৰ নতুন নেতাৰ সন্মুখত প্ৰত্যাহ্বান
By
এন ই নাও নিউজ ব্যুৰো
May 12, 2024 10:28 am
মোডীক মুখামুখি বিতৰ্কলৈ নিমন্ত্ৰণ জনাই ৰাহুল ক’লে, `মই সাজু, মোডীজী মান্তি নহ’ব’
By
এন ই নাও নিউজ ব্যুৰো
May 12, 2024 9:16 am
IPL 2024: বৰ্ষাবিঘ্নিত মেচত ইডেনত সেমেকিল মুম্বাই; প্লে অফ নিশ্চিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে
By
এন ই নাও নিউজ ব্যুৰো
May 12, 2024 8:09 am
"এই বছৰেই মোৰ শেষ", ইডেনত ৰোহিতৰ ভিডিঅ'ই সূচনা কৰিলে নতুন বিতৰ্কৰ
By
এন ই নাও নিউজ ব্যুৰো
May 11, 2024 2:54 pm