মুখ্য মন্ত্ৰীৰ উপস্থিতিৰে পাৰ হ’ল সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ ততীয় দিন

কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু ভৱনত যোৱা ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ ৰাজ্যিক শিশু সমাৰোহৰ আজি তৃতীয় দিনা পূৱাই এক বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য্যসূচীৰে আৰম্ভ হয়। এই সাংস্কৃতিক শোভাযাত্ৰা কলিয়াবৰৰ বিশিষ্ট শিল্পী জগন্নাথ মহন্তই শুভ উদ্বোধন কৰে। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় ১৮ খন জিলাৰ তিনি সহস্ৰাধিকৰো অধিক মইনাই অংশগ্ৰহণ কৰি কুঁৱৰীটোলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। ইয়াৰ উপৰি কণ কণ মইনাসকলে হাতে হাতে প্লেকাৰ্ড লৈ গড় হত্যা বন্ধ কৰক, ‘আমাক শান্তি লাগে’, ‘আমি জ্ঞানৰ পোহৰ বিচাৰি যাওঁ’ ইত্যাদি ধ্বনি উচ্চাৰণ কৰাটো পৰিলক্ষিত হয়। আনহাতে কুঁৱৰীটোল গান্ধী খেলপথাৰৰ পৰা ওলোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ উপৰি সত্ৰীয়া, বিহু নৃত্য, ভাওনা ইত্যাদিও পৰিবেশন কৰাটো দেখিবলৈ পোৱা যায়।

সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু সময় পিছতে আৰম্ভ হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। উক্ত সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা ভাষণত শিশুৰ শাৰিৰীক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰে। মইনা  ইয়াৰ উপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শিশু-মহিলাৰ ভৱিষ্যত উজ্জল কৰাৰ নিমিত্তে চৰকাৰ তথা জনসাধাৰণক যৌথভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে সেই মুকলি সভাতে সোণোৱালে সদৌ অসম মইনা পাৰিজাতলৈ ১২ লাখ টকাৰ চেক প্ৰদান কৰে। ইফালে চৰকতাৰে মইনা পাৰিজাতৰ কণ কণ মইনা সকলৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

উক্ত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁই আৰু শিশু সাহিত্য একাডেমী বঁটা প্ৰাপক ড০ শান্তনু তামূলীৰ লগতে ধেমাজি, গোলাঘাট, মাজুলী আৰু মঙলদৈৰ চাৰিগৰাকী মইনা অতিথিয়ে অংশগ্ৰহণ কৰে।

আনহাতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মুখামুখি হৈ কৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলোৱাত অসমৰ সংবাদ মাধ্যমে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ এই সুযোগতে মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ জৰিয়তে ২০১৮ ইংৰাজী নৱবৰ্ষৰ বাবে অসমৰ সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।