• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ উপস্থিতিৰে পাৰ হ’ল সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ ততীয় দিন

ছাদ্দাম হুছেইন by ছাদ্দাম হুছেইন
December 28, 2017 8:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু ভৱনত যোৱা ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ ৰাজ্যিক শিশু সমাৰোহৰ আজি তৃতীয় দিনা পূৱাই এক বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য্যসূচীৰে আৰম্ভ হয়। এই সাংস্কৃতিক শোভাযাত্ৰা কলিয়াবৰৰ বিশিষ্ট শিল্পী জগন্নাথ মহন্তই শুভ উদ্বোধন কৰে। সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় ১৮ খন জিলাৰ তিনি সহস্ৰাধিকৰো অধিক মইনাই অংশগ্ৰহণ কৰি কুঁৱৰীটোলৰ আকাশ বতাহ মুখৰিত কৰি তোলে। ইয়াৰ উপৰি কণ কণ মইনাসকলে হাতে হাতে প্লেকাৰ্ড লৈ গড় হত্যা বন্ধ কৰক, ‘আমাক শান্তি লাগে’, ‘আমি জ্ঞানৰ পোহৰ বিচাৰি যাওঁ’ ইত্যাদি ধ্বনি উচ্চাৰণ কৰাটো পৰিলক্ষিত হয়। আনহাতে কুঁৱৰীটোল গান্ধী খেলপথাৰৰ পৰা ওলোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰাৰ উপৰি সত্ৰীয়া, বিহু নৃত্য, ভাওনা ইত্যাদিও পৰিবেশন কৰাটো দেখিবলৈ পোৱা যায়।

সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু সময় পিছতে আৰম্ভ হোৱা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। উক্ত সভাত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা ভাষণত শিশুৰ শাৰিৰীক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰে। মইনা  ইয়াৰ উপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে শিশু-মহিলাৰ ভৱিষ্যত উজ্জল কৰাৰ নিমিত্তে চৰকাৰ তথা জনসাধাৰণক যৌথভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে সেই মুকলি সভাতে সোণোৱালে সদৌ অসম মইনা পাৰিজাতলৈ ১২ লাখ টকাৰ চেক প্ৰদান কৰে। ইফালে চৰকতাৰে মইনা পাৰিজাতৰ কণ কণ মইনা সকলৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

Apply Now

https://youtu.be/iVjcL9OvIGI

উক্ত মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অলক কুমাৰ বুঢ়াগোহাঁই আৰু শিশু সাহিত্য একাডেমী বঁটা প্ৰাপক ড০ শান্তনু তামূলীৰ লগতে ধেমাজি, গোলাঘাট, মাজুলী আৰু মঙলদৈৰ চাৰিগৰাকী মইনা অতিথিয়ে অংশগ্ৰহণ কৰে।

আনহাতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মুখামুখি হৈ কৰি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলোৱাত অসমৰ সংবাদ মাধ্যমে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ এই সুযোগতে মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমৰ জৰিয়তে ২০১৮ ইংৰাজী নৱবৰ্ষৰ বাবে অসমৰ সমূহ ৰাইজলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

ছাদ্দাম হুছেইন

ছাদ্দাম হুছেইন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd