মুখ্য মন্ত্ৰীৰ ঘোষণা : চাবুৱাত স্থাপন কৰিব ক্ৰীড়া বিশ্ববিদ্যালয়

sarbananda sonowal

মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে চাবুৱাত এখন সুকীয়া ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰিব বুলি ঘোষণা কৰে।

ইয়াৰ উপৰি সোণোৱালে উক্ত বিশ্ববিদ্যালয়খন অনিৰুদ্ধ দেৱৰ নামত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে হোজাই আৰু কলিয়াবৰত অনুষ্ঠিত অষ্টম হকী ইণ্ডিয়া ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ ল’ৰা আৰু ছোৱালী শাখাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল উপস্থিত থাকি প্ৰত্যেক খেলুৱৈকে ২৫ হেজাৰকৈ আৰু ষ্টাফক ২০ হেজাৰ টকাকৈ প্ৰদান কৰে। আৰু এই অনুষ্ঠানতে ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কথা ঘোষণা কৰে।

ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে কয়- ৰাজ্য চৰকাৰে ক্ৰীড়াৰ আন্তঃগাথনি উন্নয়নৰ বাবে গ্ৰামাঞ্চলত প্ৰায় ৫০০খন আধুনিক খেলপথাৰ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই মাহৰ পৰাই ৰাজ্যৰ বিভিন্ন গাঁৱত থলুৱা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, ডিফু, যোৰহাট আৰু কৰিমগঞ্জত থকা ষ্টেডিয়ামত ফ্লাড লাইট স্থাপন কৰাৰ বাবে এই বৰ্ষৰ বাজেটত ২০ কোটি টকা ধাৰ্য কৰিছে।

ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতি তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অসম হকী সন্থাৰ সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত আৰু ক্ৰীড়া মন্ত্ৰী নৱ কুমাৰ দলেও উপস্থিত থাকে।