মেঘালয়ত বিজেপিয়ে নিৰ্বাচনোত্তৰ মিত্ৰতা কৰিব : হিমন্ত বিশ্ব শৰ্মা

মন্ত্রী হিমন্ত বিশ্ব শর্মা

অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে বিজেপিয়ে মেঘালয়ত উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা (নেডা)ৰ মিত্ৰ দলসমূহৰ লগত নিৰ্বাচনোত্তৰ মিত্ৰতা কৰিব।

‘’নেডাৰ সকলো মিত্ৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু আমি মণিপুৰত কৰাৰ দৰে নিৰ্বচনোত্তৰ মিত্ৰতা কৰিম,’’-গুৱাহাটীত সংবাদ মাধ্যমৰ আগত শৰ্মাই এনেদৰে কয়।

নেডাৰ আহ্বায়ক শৰ্মাই কয় যে তেওঁৰ দলে ত্ৰিপুৰাৰ আগশাৰীৰ জনজাতি দল আইপিএফটিৰ এন চি দেৱবাৰ্মা গোটৰ সৈতে এক মিত্ৰতাত প্ৰায় উপনীত হৈছে।

‘’ আমি বাওঁমৰ্চা চৰকাৰক ওফৰাবলৈ ত্ৰিপুৰাৰ কিছুমান স্থানীয় গোটৰ সৈতে প্ৰাক্ নিৰ্বাচনী মিত্ৰতা কৰিবলৈ আগবাঢ়িছো। বৃহস্পতিবাৰে নিশা ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি) ৰ এন চি দেৱবৰ্মাৰ গোটৰ লগত বৈঠকত মিলিত হৈছিলো,’’-শৰ্মাই কয়।

‘’আমি প্ৰায় এক মিত্ৰতাত উপনীত হৈছো। কিন্তু এইক্ষেত্ৰত কেন্দ্ৰীয় নেতৃবৰ্গৰ অনুমোদন প্ৰয়োজন,’’-শৰ্মাই কয়। তেওঁ কয় যে নাগালেণ্ডত দলৰ মূল লক্ষ্য হৈছে সুস্থিৰতা।

‘’ নাগালেণ্ডত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ অস্তিত্ব নাই। আমি টি আৰ জেলিয়াং, নেফিউ ৰিঅ’ আৰু সুৰহোজেলি লেইজিয়েছুৰ দৰে বলিষ্ঠ নেতাৰ সৈতে আলোচনা চলাই আছো,’’-শৰ্মাই জানিব দিয়ে।

ত্ৰিপুৰাত অহা ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, মেঘালয় আৰু নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। তিনিখন ৰাজ্যৰে ভোটগণনা অহা ৩ মাৰ্চত হ’ব।