মেঘালয়ত ষ্টেইট পীপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ ৰণ ডংকাৰ : কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা

মেঘালয়ৰ বিৰোধী দল হিল ষ্টেইট পীপলছ ডেম’ক্ৰেটিক পাৰ্টীয়ে (HSPDP) আজি শ্বিলঙৰ মদন মাল্কিত এটা ৰেলি বাহিৰ কৰে। ৰাজ্যখনৰ অন্যতম পুৰণি আঞ্চলিক দলটোৰ নেতাসকলে আজি ৰেলিক সম্বোধন কৰি কয় যে তেওঁলোকে ধন-বলৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্প লৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত এখন অৰ্থনৈতিকভাৱে সবল চৰকাৰ গঠন নিশ্চিত কৰিব, যি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিব। উপস্থিত সকলক সম্বোধন কৰি দলটোৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বচায়েমৈতে কয় যে য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ সৈতে হোৱা প্ৰাক-নিৰ্বাচনী মিত্ৰতাই এইটো নিশ্চিত কৰিলে যে পৰৱৰ্তী চৰকাৰখনক দুটা আঞ্চলিক ৰাজনৈতিক দলে নেতৃত্ব দিব। তেওঁ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰখনে ৰাজ্যখনৰ সামগ্ৰিক তথা সমতাপূৰ্ণ বিকাশ নিশ্চিত কৰা তথা সংস্থাপনৰ সুযোগ সৃষ্টিত ব্যৰ্থতা দেখুৱালে। তাৰ পৰিৱৰ্তে মুষ্টিমেয় লোকক ধনাঢ্য হোৱাত সহায় কৰিলে। এই অভিযোগৰ বিপৰীতে বচায়েমৈতে তেওঁৰ দলে আগন্তুক নিৰ্বাচনী বৈতৰণী পাৰ হৈ শাসনলৈ আহিলে কি কি সমস্যাৰ ওপৰত কাম কৰিব তাৰ এখন তালিকাও দিয়ে। তেওঁ কয় যে দলটোৱে চৰকাৰ গঠন কৰিব পাৰিলে মেঘালয়ক সংবিধানৰ বিশেষ অনুচ্ছেদ ৩৭১ ৰ অধীনলৈ আনিবলৈ হেঁচা প্ৰয়োগ কৰিব। উল্লেখযোগ্য 371 এটা এনে অনুচ্ছেদ যিটোৰ অধীনত এখন ৰাজ্যক তাৰ পৰম্পৰা, ৰীতি-নীতি, ভূমি সুৰক্ষা, ন্যায়-প্ৰশাসন আৰু অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত সংসদে হস্তক্ষেপ কৰিব নোৱৰাকৈ অধিকাৰ দিয়ে। একে ধৰণৰ অনুচ্ছেদ 371A আৰু 371G ৰ অধীনত ক্ৰমে নাগালেণ্ড আৰু মিজোৰাম ইতিপূৰ্বে আছে। ভূমিৰ অধিকাৰক সুৰক্ষা দিয়া আৰু মেঘালয়ৰ সাম্প্ৰতিক ভূমি হস্তান্তৰ আইনক মজবুত কৰাৰ দায়িত্ব লোৱা বুলি কৈ কয় এইচ্ছ এছ পি ডি পিয়ে কয় যে অনুচ্ছেদ 371 ৰ বিশেষ সাংবিধানিক ব্যৱস্থাৰ অধীনলৈ অনাটোৱে কয়লা খননৰ ওপৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আৰোপ কৰা নিষেধাজ্ঞা বিষয়টোৰো সমাধান দিব। কয়লা খননত থকা নিষেধাজ্ঞাই ৰাজ্যখনৰ অৰ্থনীতি আৰু ইয়াৰ মানুহৰ জীৱিকাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। নেতাজনে এইবুলি কয়। তেওঁ দলকেইটাই নিকা আৰু সুপ্ৰশাসন দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে।