মেঘালয়ৰ ভুৱা পেৰামেডিকেল প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া

nipmt

বিভিন্ন পক্ষই ভুৱা প্ৰতিষ্ঠান বুলি অভিযোগ উত্থাপন কৰাৰ ফলস্বৰূপে শ্বিলঙৰ নেশ্যনেল ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকন’লজী অস্থায়ীভাৱে বন্ধৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে অভিভাৱক আৰু খাচী ছাত্ৰ সন্থাই বিভিন্ন পাঠ্যক্ৰমৰ বাবে আগতীয়াকৈ লোৱা ধন ঘূৰাই বিচাৰি নেশ্যনেল ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকন’লজীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আনহাতে নেশ্যনেল ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকন’লজীৰ পৰা দিয়া প্ৰমাণপত্ৰ সমূহ গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰি খাচী ছাত্ৰ সন্থাই প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত স্পষ্টীকৰণৰ দাবী উত্থাপন কৰিছিল।

ইয়াৰ মাজতে নেশ্যনেল ইনষ্টিটিউট অৱ পেৰামেডিকেল টেকন’লজীৰ সঞ্চালক হৃষীকেশ শ্বাহীয়ে প্ৰতিষ্ঠানখন ভাৰতৰ পৰিকল্পনা আয়োগৰ দ্বাৰা স্বীকৃত বুলি দাবী কৰি কয়— ভাৰত সেৱক সমাজৰ অধীনত এই প্ৰতিষ্ঠানখন ২০০৯ চনত আৰম্ভ কৰা হৈছিল।এই প্ৰতিষ্ঠানৰ অধীনত অধ্যয়ন কৰা ছাত্ৰ- ছাত্ৰীৰ পৰিচয়পত্ৰ দিল্লীৰ পৰা দিয়া হৈছিল আৰু পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত ভাৰত সেৱক সমাজে প্ৰমাণপত্ৰ প্ৰদান কৰিছিল।

মন কৰিবলগীয়া বিষয় এইটোৱে যে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এ এল হেকে নিৰপেক্ষ তদন্তৰ খাতিৰত এখন উচ্চ স্তৰীয় তদন্ত কমিটি গঠন কৰি দিব বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে।

আনহাতে যদিহে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে তদন্ত কমিটিয়ে আপত্তিজনক কিবা উদ্ধাৰ কৰে তেন্তে উপযুক্ত ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।

সম্প্ৰতি বিষয়টোৱে যথেষ্ঠ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পাহাৰীয়া ৰাজ্যখনত।