মেঘালয় বিধানসভা নিৰ্বাচন: আজি গাৰো পাহাৰত প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোডীয়ে

shillong

নৰেন্দ্ৰ মোদীৰ ফাইল ফটো

মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম পৰ্বত আজি গাৰো পহাৰত বিজেপিৰ এক বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

পাহাৰীয়া ৰাজ্যখনত বিজেপিৰ সৰ্ববৃহৎ নিৰ্বাচনী সভা হিচাপে  প্ৰচাৰিত জনসভাখনক দিনৰ প্ৰায় ২ বজাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বিজেপিৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

গাৰো পাহাৰৰ ফুলবাৰীৰ শ্যামনগৰত অৱতৰণ কৰি পোনে পোনে নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে প্ৰশাসনে।লগতে সমগ্ৰ অঞ্চলটো গেৰুৱা হৈ পৰিছে বিজেপিৰ বেনাৰ পোষ্টাৰেৰে।

উল্লেখ্য যে বুধবাৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ পুলিচ বজাৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰখনক সমালোচনাৰে থকা সৰকা কৰিছিল।

গান্ধী-নেহৰু পৰিয়ালৰ উত্তৰাধিকাগৰাকীয়ে আনকি বিজেপিয়ে ধনবলৰ প্ৰভাৱ খটুৱাই কংগ্ৰেছৰ কেইগৰাকীমান বিধায়ক ক্ৰয় কৰিবলৈ সক্ষম হৈছে যদিও তেওঁলোকে মানুহৰ সমৰ্থন কিনিব নোৱাৰে বুলি কটাক্ষ কৰিছিল বিজেপিক।আনহাতে সমগ্ৰ দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা নীৰৱ মোডী কাণ্ডক লৈও প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণৰ লক্ষ্য কৰিছিল কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।সেয়েহে আজি অনুষ্ঠিতব্য বিজেপিৰ সভাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক উভতি ধৰিব বুলি ধাৰণা কৰা হৈছে।