মেলা পাতিলেই বিনিয়োগ নাহে, লাগিব নিৰ্দিষ্ট নীতি : ডিব্ৰুগড়ত দাবী প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

tarun gogoi

তৰুণ গগৈৰ সংবাদমেল

গুৱাহাটীৰ বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰৰ এই উদ্যোগৰ প্ৰতি সমালোচনাত্মক মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

‘বিজেপি চৰকাৰে অসমলৈ বিনিয়োগকাৰী অনাৰ বাবে গুৱাহাটীত বিনিয়োগকাৰী সন্মিলন পাতিছে। মেলা পাতিলেই বিনিয়োগকাৰী নাহে।’

সন্মিলন আয়োজনক লৈ শুকুৰবাৰে ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে মত প্ৰকাশ কৰে গগৈয়ে।

ৰাজীৱ ভৱনত সাংবাদিকক গগৈয়ে কয়, ‘অসমলৈ বিনিয়োগ আনিবলৈ হ’লে এক নীতি প্ৰস্তুত কৰা দৰকাৰ। বিজেপিৰ কোনো নিৰ্দিষ্ট নীতি নাই।’

উল্লেখযোগ্য যে কংগ্ৰেছ চৰকাৰৰ দিনত থকা উত্তৰ-পূব ঔদ্যোগিক আৰু বিনিয়োগ উন্নীতকৰণ আঁচনি (NEIIP)খন বিজেপি শাসনলৈ অহাৰ পিছত বাতিল কৰা হৈছিল।

‘কংগ্ৰেছৰ দিনত’ বিনিয়োগকাৰীক ‘সুবিধা দিয়া হৈছিল’ বুলি দাবী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ‘সুবিধা দিলেহে বিনিয়োগকাৰী আহিব।’

তেওঁ অভিযোগ কৰে যে অসমৰ অন্যতম বৃ্হৎ উদ্যোগ চাহ উদ্যোগ বেয়া অৱস্থাৰ পিছতো কিন্তু চৰকাৰে ইয়াক অগ্ৰাধিকাৰ দিয়া নাই। কাগজ কলসমূহৰ অৱস্থা শোচনীয়, কিন্তু চৰকাৰে এইবোৰৰ পুনৰুজ্জীৱিতকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

বিজেপিয়ে মেলা-উৎসৱ পাতিয়েই কাম সামৰিছে বুলি কৈ তেওঁ দাবী কৰে যে ‘মেলা নপতাকৈয়ে’ তেওঁ ‘টাটা, মহিন্দ্ৰা, আম্বানিক অসমলৈ’ আনিছিল।

গগৈয়ে লগতে অভিযোগ কৰে যে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে চৰকাৰে যোৱা দুবছৰে কোনো নতুন চাকৰি সৃষ্টি কৰা নাই।

কয়্লা চিণ্ডিকে’টৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীজনে অভিযোগ কৰে, ‘বিজেপি শাসনলৈ অহাৰ পৰাই ৰাজ্যত ব্যাপক ৰূপত কয়লা চিণ্ডিকে’ট চলি আছে, কিন্তু চৰকাৰে এই অবৈধ কাৰ্য্য ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নাই।’

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘দুৰ্নীতিৰ শিপা উভালাৰ কথা’ক কটাক্ষ কৰি তেওঁ দাবী কৰে যে বিজেপিৰ নেতাসকলেই দুৰ্নীতিৰ লগত জড়িত আছে।

যোৱা কেবামাহো ধৰি তিনিচুকীয়া জিলা উগ্ৰপন্থী সমস্যাৰে জৰ্জৰিত হৈ থকাৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰে বৰ্ধিত উগ্ৰপন্থী সমস্যা ৰোধ কৰাত বিফল হৈছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয়, ‘ৰাজ্যত বিশেষকৈ তিনিচুকীয়া জিলাত ধন দাবী, অপহৰণ আদি ঘটনা বাঢ়িছে। বিজেপিয়ে শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া ‘আচ্চা দিন’ ৰাইজৰ বাবে ‘খাৰাপ দিন’হে হৈছেহি।’

আনহাতে নাগৰিকত্ব আইনৰ সংশোধনৰ বিৰোধিতা কৰি গগৈয়ে বিজেপিয়ে এই আইন পাৰণ কৰিলে তাৰ বিৰুদ্ধে কংগ্ৰেছে আইনৰ সহায় ল’ব বুলিও স্পষ্ট কৰি দিয়ে।