মোডীৰ ভ্ৰমণৰ প্ৰাক্ মুহূৰ্তত উত্তৰ-পূবৰ বাবে আঁচনি ঘোষণা

কেন্দ্ৰীয় কেবিনেটে শুকুৰবাৰে নন্ লেপছেব’ল চেন্ট্ৰেল পুল অফ্ ৰিচ’ৰ্ছেছ (এন এল চি পি আৰ) আঁচনিখনৰ ম্যাদ ২০২০ চন পৰ্যন্ত বৃদ্ধি কৰিছে। তদুপৰি, উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি এখন আৰু উত্তৰ পূৰ্বাঞ্চলৰ চাৰিটা প্ৰধান ঔদ্যোগিক গোটলৈ বিনিয়োগৰ ৰাজসাহায্য আগবঢ়াইছে। চৰকাৰৰ এক বিবৃতিত এই কথা প্ৰকাশ পাইছে।

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া উত্তৰ পূৰ্বাঞ্চলৰ দুই ৰাজ্য ক্ৰমে মেঘালয় আৰু মিজোৰাম ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহাৰ এদিন আগতে এই আঁচনিৰ কথা ঘোষণা কৰা হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰা কেবিনেটখনে বৰ্তমান চলি থকা এনএলচিপিআৰ আঁচনিখনৰ ম্যাদ ২০২০ চনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। ৯০: ১০ হাৰত পুঁজি মুকলি কৰাৰ এই আঁচনিখনৰ জৰিয়তে উক্ত সময়ছোৱাত মুঠতে ৫,৩০০ কোটি টকা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি তথা আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে এই কথা প্ৰকাশ কৰিছে।

কেবিনেট সিদ্ধান্তৰ কথা সদৰি কৰি প্ৰসাদে কয় যে এইটোৱে চলি থকা প্ৰকল্পসমূহ সম্পৰ্ণ কৰাত সহায় কৰিব।

‘’কেবিনেটে ২০১৭-১৮ ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰম্ভ কৰা উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিখনত অনুমোদন জনায়। এই আঁচনিখনৰ জৰিয়তে কেন্দ্ৰৰ পৰা লাভ কৰিবলগীয়া এশ শতাংশ সম্পূৰ্ণ পুঁজিৰে ২০২০ চনৰ ভিতৰত অসম্পূৰ্ণ হৈ ৰোৱা আন্তঃগাঁথনি নিৰ্মাণ কৰিব পাৰিব,’’-প্ৰসাদে জানিবলৈ দিয়ে।

 

নতুন আঁচনিখনে পানী যোগান, বিদ্যুৎ, যাতায়ত আৰু বিশেষকৈ পৰ্যটন বিকাশৰ বাবে লোৱা প্ৰকল্পসমূহক বিস্তৃতভাৱে সামৰি ল’ব। এই আঁচনিখনে শিক্ষা আৰু স্বাস্থ্যৰ  সামাজিক খণ্ডৰ আন্তঃগাঁথনিতো সহায় কৰিব।

 

এই আঁচনিৰ অধীনত গঢ়ি উঠা সম্পদসমূহে যে কেৱল অঞ্চলটোৰ স্বাস্থ্যখণ্ড আৰু শিক্ষাখণ্ডকে যে শক্তিশালী কৰিব সেয়া নহয়, লগতে পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি কৰিব আৰু স্থানীয় যুৱক-যুৱতীৰ সংস্থাপনৰ সুবিধাও আগবঢ়াব। মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে লগতে কয় যে আগন্তুক বছৰত এই আঁচনিখনে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন তৰান্বিত কৰিব।

 

এই আঁচনিখন ২০০৭ চনৰ উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ আৰু বিকাশ আঁচনিৰ কেন্দ্ৰীয় মূলধনী বিনিয়োগ ৰাজসাহায্য আঁচনিৰ অধীনত লোৱা হৈছে।