• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোৰ জাতিসত্তাক ধ্বংস কৰিব বিচৰাজনক মই সহ্য নকৰো : অখিল গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 11:50 am
20-07-18 Marigaon- KMSS against Citizenship amendment bill (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’দুবাহুত শক্তি থকা মই নিভাঁজ অসমীয়া। মোৰ জাতিসত্তাক ধ্বংস কৰিব বিচৰাজনক মই সহ্য নকৰিম। অসমীয়াৰ আৱেগ-অনুভূতিক পদাঘাত কৰি জাতীয় সংস্কৃতিক নিঃশেষ কৰিব খোজা পৰিকল্পনাক কোনো প্ৰকৃত অসমীয়াই মানি নলয়,’’-নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ বিৰোধিতাৰে মৰিগাঁৱত ৩৫টা সংগঠনৰ উদ্যোগত আয়োজিত বিশাল সমাৱেশত ভাষণ দি কৃষক নেতা অখিল গগৈয়ে এইদৰে কয়।

‘’অসমীয়া জাতিসত্তাক হিন্দুত্বৰ দৰ্শনেৰে নিঃশেষ কৰাৰ পৰিকল্পনা কৰিলেও আমি অসমীয়া হৈয়ে থাকিম। জয় আই অসম ধ্বনি আছু, সাহিত্য সভা, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি আদি সংগঠনে প্ৰথম উচ্চাৰণ কৰা নাছিল। ১৯১৫ চনতেই প্ৰথম জয় আই অসম ধ্বনি উচ্চাৰণ কৰিছিল সাহিত্যৰথী  লক্ষ্মীনাথ বেজবৰুৱাই,’’-গগৈয়ে কয়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে ভাষণ প্ৰসংগত কয় যে ভাৰতবৰ্ষৰ ৭০ বছৰীয়া শাসন কালত একমাত্ৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমীয়াসকলৰ আটাইতকৈ বেছি ক্ষতি কৰিছে। নৰেন্দ্ৰ মোডীয়ে ‘ভায়ো বেহেনো’ বুলি কৈ আমাৰ মন জয় কৰি ঠগি আহিছে। এইক্ষেত্ৰত প্ৰতিজন অসমীয়াই সচেতন হোৱাৰ সময় সমাগত বুলি উল্লেখ কৰি কৃষক নেতা গগৈয়ে কয় যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰি অসমলৈ হিন্দু বাংলাদেশী আনি ভোট বেংক সৃষ্টি কৰিব বিচাৰিছে।

‘’কংগ্ৰেছেও বাংলাদেশী মুছলমানক সুৰক্ষা দি অসমত ভোট বেংকৰ ৰাজনীতি কৰিছিল। কিন্তু ১৯৭১ চনৰ পাছত অহা কোনো হিন্দু বা মুছলমান বিদেশী আমাৰ ইয়াত থাকিব নোৱাৰিব। গতিকে, এটা স্বতন্ত্ৰ জাতি অসমীয়াক শেষ কৰাৰ আগতে এবাৰ ভাবি চাওক,’’-অখিল গগৈয়ে এইদৰে ৰাইজক আহ্বান জনায়।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ ললিত চন্দ্ৰ  পাচনিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ‘মাছ’ৰ মুখ্য উপদেষ্টা তথা মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমীয়া জাতিৰ লগতে ভাষাটোলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি মন্তব্য কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক মিণ্টু কুমাৰ নাথে আঁত ধৰা সভাখনত ৩৫টা জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd