মৰাণত বিষাক্ত কাঠফুলা ভক্ষণ কৰি ১৩ জনকৈ লোক আক্ৰান্ত

ATTACHMENT

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বিগত সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা ভক্ষণ কৰি বহু লোকে প্ৰাণ হেৰুওৱাৰ পাছত ৰাজ্যত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা। বিষাক্ত প্ৰজাতিৰ কাঠফুলা ভক্ষণ কৰি মৰাণৰ তিনিটাকৈ পৰিয়ালৰ মুঠ ১৩ জন লোক গুৰুতৰভাৱে আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত ৬ গৰাকী মহিলা আৰু ২টাকৈ শিশু আছে।

ইয়াৰে এটা পৰিয়াল মৰাণৰ টিখৰাই চাহ বাগিচাৰ আৰু আন দুটা পৰিয়াল মৰাণৰ সমীপৰ পথালিবামৰ পানীতোলা গাঁৱৰ।

উল্লেখযোগ্য যে মৰাণৰ টিখৰাই চাহ বাগিচাৰ আক্ৰান্ত সকল হৈছে টেম্পো পাহাৰীয়া (৫০),পত্নী ফাগুনী পাহাৰীয়া (৩০), পুত্ৰ ধনীৰাম পাহাৰীয়া (১৯), ব’হাগী পাহাৰীয়া (২৩) আৰু জোনমণি পাহাৰীয়া (১৫)।

আনহাতে পথালিবাম পানীতোলা গাঁৱৰ আক্রান্ত সকল হ’ল ক্ৰমে গণেশ টুডু (৫৫), গণেশ টুডুৰ পুত্ৰ বিপুল টুডু (১০), দেৱৰু টুডু (60), দেৱৰু টুডুৰ পুত্ৰ ৰমেশ টুডু (৩৮), পত্নী ৰূপালী টুডু (২৫), ৰমেশ টুডুৰ কন্যা সুমন টুডু (৪) আৰু সানিকা বৰুৱা (৬০)।

উল্লেখযোগ্য যে বনৰীয়া অচিন কাঠফুলা খোৱাৰ পাছত তীব্ৰ মূৰৰ বিষ, বমি আৰু শৌচ হোৱাত আক্ৰান্ত সকলক লগে লগে ১০৮ জৰুৰীকালীন সেৱাৰ যোগেদি যোৱা নিশা আৰু আজি পুৱা তিলৈ ফাষ্ট ৰেফাৰেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় আৰু ICU ত ভৰ্তি কৰা হয়। ইয়াৰে বহুকেইজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক পাছলৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাটোৱে অঞ্চলব্যাপী সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।