মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণৰ ২৩৫ টা ফাইল, নথি-পত্ৰ জব্দ সীমান্ত আৰক্ষীৰ

মৰিগাঁও বিদেশী ন্যায়াধীশকণ

মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ কাৰ্যালয়। ফাইল ফটো

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত শনিবাৰে মৰিগাঁও সীমান্ত আৰক্ষী শাখাৰ বিষয়া ধনীৰাম বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৪নং আদালতৰ কাৰ্যালয়ত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে বিভাগটোৰ পৰা ২৩৫টা ফাইলসহ নথি-পত্ৰ জব্দ কৰে। ইতিমধ্যে জব্দ কৰা ফাইলসমূহ অসম আৰক্ষীৰ সীমান্ত বিভাগলৈ প্ৰেৰণ কৰা হৈছে।

শেহতীয়াকৈ মৰিগাওঁ বিদেশী ন্যায়াধিকৰণত ব্যাপক খেলিমেলিৰ ঘটনা পোহৰলৈ আহিছে। বিদেশী চিনাক্তকৰণৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম-কাজ চলি থকাৰ মাজতেই বিভাগটোত ব্যাপক বিসংগতি আৰু সীমাহীন দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৪নং শাখাত ইয়াৰ পূৰ্বেও ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। ইতিমধ্যে ৫০টা ফাইল জব্দ কৰা হৈছিল। দীৰ্ঘদিন ধৰি বিদেশী ন্যায়াধিকৰণ ৪নং শাখাত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ ভয়ংকৰ তথ্য উন্মোচিত হৈছিল।

উচ্চ ন্যায়ালয়ৰ লগতে গৃহ বিভাগে বিভাগটোত চলি থকা কাম-কাজৰ ওপৰত নজৰ ৰখাৰ লগতে ফাইল, নথি-পত্ৰ জব্দ কৰিবৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছিল। এই নিৰ্দেশনা অনুসৰি মৰিগাওঁ আৰক্ষীৰ সীমান্ত শাখাই ৪নং বিদেশী ন্যায়াধিকৰণত সৰ্বমুঠ ২৮৫টা ফাইল জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে ৪নং বিদেশী ন্যায়াধিকৰণত তদানীন্তন ন্যায়াধীশ জয়ন্ত মিশ্ৰৰ কাৰ্যালয়ত ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উঠাৰ লগতে ব্যাপক দুৰ্নীতি হোৱাৰ তথ্যও উন্মোচিত হৈছিল যাৰ বাবে ন্যায়াধীশজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণ বিষয় যে কেইদিনমান পূৰ্বে মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ এগৰাকী ন্যায়াধীশৰ চৰকাৰী গাড়ীলৈ দুৰ্বৃত্তই শিলাবৰ্ষণ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল।