মৰিগাওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিৱেশনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

narendra modi

মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৮৮সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী।  সোমবাৰে মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা আদৰণী সমিতিৰ এখন বৰ্ধিত কাৰ্যকৰী সভাত এই কথা ঘোষণা কৰা হয়।

অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ডাঃ পুনিৰাম পাতৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী সমিতিৰ অধীনস্থ ৩৫খন উপ-সমিতিৰ বিষয়ববীয়া, সদস্যসহ ডেৰ সহস্ৰাধিক ভক্তপ্ৰাণ লোক আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

মৰিগাঁও চহৰৰ সমীপৱৰ্তী নাওকটা আৰু লঠাবড়িৰ মাজৰ বিস্তৃত কৃষি ভূমি খণ্ডৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত এই অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ মুঠ ২ কোটি ৪২ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হোৱা বুলিও সভাত অৱগত কৰে।

আনহাতে, আগন্তুক অধিৱেশন উপলক্ষে বাট-পথ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ১৪ কোটি টকা বিভাগীয়ভাৱে মোকলাই দিয়াৰ লগতে এই অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাটো নিশ্চিত হোৱা বুলি আদৰণী সমিতিৰ সাধাৰণ সম্পাদকজনে সভাত সদৰী কৰে।

এই সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি বুবুমণি গোস্বামী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তিয়ে ভাষণ আগবঢ়ায়।

আদৰণী সভাত উৰস্থিত থাকে প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট নিবন্ধকাৰ মিলেশ্বৰ পাতৰ, মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেৱেশ্বৰ গোস্বামীসহ বহুকেইজন স্থানীয় ব্যক্তি।