চিলাপথাৰৰ নামনি মুক্তিয়াৰ গাঁৱত শনিবাৰে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। একেটা পৰিয়ালৰে তিনিটা শিশুৰ সলিল সমাধি ঘটাৰ খবৰে সকলোকে ব্যথিত কৰি তুলিছে। শিশুকেইটিৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
বাতৰি অনুসৰি মুক্তিয়াৰ গাঁৱৰ প্ৰসাদ মৰাঙৰ দুজন পুত্ৰ ক্ৰমে ৬ বছৰীয়া ভূপেন মৰাং আৰু ৪ বছৰীয়া ৰঞ্জন মৰাঙৰ লগতে একেটা পৰিয়ালৰে নিৰঞ্জন মৰাঙৰ পুত্ৰ ৪ বছৰীয়া ঝৰ্ণা মৰাং লখিমী নৈত নাৱৰে খেলিবলৈ গৈছিল।
পৰিয়ালৰ লোকে গম নোপোৱাকৈ যোৱা শিশুকেইটি বহু সময় ধৰি দৃষ্টিগোচৰ নোহোৱাত অভিভাৱকে চাৰিওফালে বিচাৰি চলাথ কৰে। অৱশেষত লখিমী নৈত অতি সংকটজনক অৱস্থাত শিশুকেইটিক উদ্ধাৰ কৰা হয়।
অভিভাৱকে ততাতয়াকৈ শিশুকেইটিক চিলাপথাৰ মডেল হাস্পাতললৈ লৈ যায়। শিশুকেইটিক চিকিৎসা কৰা হয় যদিও প্ৰাণ বচাব পৰা নগ’ল। চিলাপথাৰ আৰক্ষীয়ে শিশুৰ মৃতদেহ কেইটা চৰকাৰী বাহনেৰে ল’লেন ঘাটলৈকে আগবঢ়াই দিয়ে।
যাতায়তৰ অসুবিধাৰ বাবে ল’লেন ঘাটৰ পৰা নামনি মুক্তিয়াৰ গাঁৱলৈ দেৱশিশুকেইটিৰ নিথৰ দেহ অবিভাৱকে কঢ়িয়াই নিয়াৰ দৃশ্যই সকলোৰে চকু সেমেকাই তোলে।
জীৱনৰ পথত মাথোঁ খোজ দিবলৈ আৰম্ভ কৰা শিশুকেইটিৰ এনে মৰ্মান্তিক পৰিণতিয়ে নৈপৰীয়া জীৱন-যাত্ৰাৰ কঠিন সহাৱস্থানৰ ছবি এখনো দাঙি ধৰে।