যিকোনো প্ৰকাৰে ব্ৰু শৰণাৰ্থী প্ৰত্যাৰ্পণৰ প্রস্তুতি চলাব মিজোৰাম চৰকাৰে

20regbru_184242

উৎস : গুগল

মিজোৰামৰ অতিৰিক্ত গৃহ সচিব  লালবিয়াকজামাই অলপতে প্ৰকাশ কৰিছে যে উত্তৰ ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ যিকোনো প্ৰকাৰে ঘূৰাই অনাৰ বাবে প্ৰস্তুতি কৰি থকা হৈছে। ইতিমধ্যে একাংশ ব্ৰু শৰণাৰ্থীয়ে কেন্দ্ৰৰ পৰা আৰু অধিক সুবিধা দাবী কৰি এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছে আৰু আনফালে মিজোৰাম চৰকাৰে তেওঁলোকক প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ মাজেৰে মিজোৰামলৈ ওভোতাই অনাৰ পৰিকল্পনা যুগুত কৰাত ব্যস্ত হৈ আছে।

ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ছেপ্টেম্বৰ মাহ শেষ হোৱাৰ আগে আগে ব্ৰু শৰণাৰ্থীসকলক উত্তৰ ত্ৰিপুৰাৰ পৰা মিজোৰামলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে জুলাইৰ ৩ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আহ্বান কৰা এখন সভাত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাৱালা, মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামে (Mizoram Bru Displaced Peoples Forum) প্ৰায় ২২ বছৰ পাছত ব্ৰু শৰণাৰ্থীক প্ৰত্যাৰ্পণ কৰাৰ এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হৈছিল।

অৱশ্যে নৈসিংপাৰা শৰণাৰ্থী শিবিৰত বাস কৰা কেইবাগৰাকীও শৰণাৰ্থীয়ে স্বাক্ষৰিত চুক্তিখনৰ বিৰুদ্ধে তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰি  অনশনত বহিছিল। তেওঁলোকৰ বক্তব্য হৈছে পুনঃসংস্থাপনৰ এই চুক্তিত বেছিভাগ গুৰুত্বপূৰ্ণ দিশ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এৰাই গৈছে।

ব্ৰু শৰণাৰ্থীসকলে প্ৰতিবাদ কৰি থকা স্বত্তেও মিজোৰাম চৰকাৰে উত্তৰ ত্ৰিপুৰাৰ কাঞ্চনপুৰ মহকুমাত ১৯৯৭ চনৰ পৰা বাস কৰি অহা ব্ৰু শৰণাৰ্থীসকলক মিজোৰামলৈ ওভোতাই নিয়াৰ বাবে চেষ্টা কৰি আছে।

আমাৰ চিন্তাৰ বিষয় হৈছে প্ৰত্যাৱৰ্তনৰ বাবে এটা ইতিবাচক বাতাৱৰণ সৃষ্টি কৰা ‘‘আৰু স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি তেওঁলোকৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা’’ মিজোৰাম চৰকাৰৰ অতিৰিক্ত গৃহ সচিব লালবিয়াকজামাই কয়।

উল্লেখ্য যে কালি মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ সভাপতি এ ছাৱিবুংগাই কেইদিন মান আগতে শৰণাৰ্থীসকলৰ হৈ তেওঁ নিজেই স্বাক্ষৰ কৰা চুক্তিখন ভংগ কৰি প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে ব্ৰু শৰণাৰ্থীসকলে এই চুক্তিখনৰ বিৰুদ্ধে কৰা তীব্ৰ প্ৰতিবাদৰ বাবে তেওঁ এই চুক্তি ভংগ কৰিছে। পত্ৰখনত আৰু কোৱা হৈছে যে শৰণাৰ্থীসকলে এই চুক্তি ভংগ কৰাৰ বাবে দাবী জনাই মিজোৰাম ব্ৰু উদ্বাস্তু লোকৰ ফ’ৰামৰ কাৰ্যালয় ঘেৰাও কৰিছিল।

ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা শৰণাৰ্থীসকলে কেন্দ্ৰ চৰকাৰৰ পৰা আৰু অধিক সা-সুবিধা দাবী কৰিছিল। তাৰে ভিতৰত আছে ৫০০কৈ পৰিয়াল অন্তৰ্ভুক্ত হ’ব পৰাকৈ ক্লাষ্টাৰ গাঁও নিৰ্মাণ কৰা, এবাৰতে পুনৰ্বাসন বিত্তীয় সহায়তা প্ৰদান কৰা এখন উন্নয়ন পৰিষদ গঠন কৰা, প্ৰত্যাৰ্পিত ব্ৰু শিক্ষাৰ্থীৰ বাবে দ্ৰোণাচাৰ্য বিদ্যালয় স্থাপন কৰা আৰু সমগ্ৰ বছৰ জুৰি অৰ্ধ-সামৰিক বাহিনীৰ দ্বাৰা গাঁওসমূহত নিৰাপত্তাৰ ব্যৱস্থা কৰা।