যিকোনো পৰিস্থিতিৰ বিপক্ষে থিয় দিবলৈ মণিপুৰ চৰকাৰ সম্পূৰ্ণ সাজু: লেটপাও হাওকিপ

A file picture of flood in Manipur

বানপানিৰ ফলত হোৱা যিকোনো পৰিস্থিতিৰ বিপক্ষে থিয় দিবলৈ মণিপুৰ চৰকাৰ সম্পূৰ্ণ সাজু বুলি ৰাজ্যখনৰ জল সম্পদ মন্ত্ৰী লেটপাও হাওকিপে মন্তব্য কৰে। মঙলবাৰে মণিপুৰ বিধানসভা অধিৱেশনৰ সময়ত মন্ত্ৰী গৰাকীয়ে এই কথা জনায় যদিও ৰাজ্যখনে এই ক্ষেত্ৰত পুঁজিৰ অভাৱত পৰা বুলিও কয়।

সদনত কংগ্ৰেছ বিধায়কে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ক্ষতিগ্ৰস্থ অঞ্চল সমূহ চিনাক্ত কৰিহে কামকাজত অগ্ৰাধিকাৰ দিয়া হ’ব।

লিলং আট’উখং নলাৰ পুননিৰ্মানৰ বাবে শ্লুইছ গেট দিয়া সম্পৰ্কে আলোচনা চলি আছে আৰু যেতিয়াই আমাৰ হাতত পৰ্যাপ্ত পুঁজি আহিব তেতিয়াই এই কাম সম্পূৰ্ণ কৰিম।

‘চৰকাৰে সোনকালে কিবা পদক্ষেপ গ্ৰহণ কৰক কাৰণ এই ক্ষেত্ৰত আমিও যথেষ্ট চিন্তিত হৈ আছো’ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

যোৱা বছৰ নৱেম্বৰ-ডিচেম্বৰ মাহত হোৱা অস্বাভাৱিক বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত মণিপুৰৰ ৪৫১ বিঘা কৃষি ভূমিৰ ধান খেতি সম্পূৰ্ণ ৰূপে বিনষ্ট হোৱা বুলি সংসদত জানিবলৈ দিয়ে জল সম্পদ মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২০১৭ চনটো বানপানী আৰু ভূমিস্খলনৰ বাবে উল্লেখযোগ্য বছৰ। কিয়নো মে মাহৰ শেষৰ পৰা অস্বাভাৱিকভাবে বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ৰাজ্যখন যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। বছৰটোৰ শেষলৈকে ৰাজ্যখনৰ পাহাৰ-ভৈয়াম সকলোবোৰ জিলায়ে বানপানীৰ কৱলত পৰা পৰিলক্ষিত হৈছিল।

মণিপুৰৰ ধানখেতিৰ বাবে সৰ্বোৎকৃষ্ট জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ, কাকচিং আৰু থৌবালত হোৱা বানপানীয়ে ধান খেতি উৎপাদনত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে।

উল্লেখ্য যে ৰাজ্যখনৰ বাকী পাহাৰীয়া জিলাকেইখনতো যোৱা বছৰ ভূমিস্খলনত পতিত হোৱা দেখা গৈছে। আনহাতে চেনাপতি জিলাৰ স্থানীয় বাসিন্দা সকলে কোৱা অনুসৰি যোৱা তিনিটা দশকৰ অন্তৰালত যোৱা বছৰ জিলাখনত এনে ধৰণৰ ভয়ংকৰ বানপানী হৈছিল।

মণিপুৰৰ প্ৰায় ৮৫ হেজাৰ কৃষি ভূমি বানপানীৰ কবলত পৰাৰ লগতে ৰাস্তা-পথ, দলং, বিদ্যালয় আদিৰ যথেষ্ট ক্ষয় ক্ষতি সাধন হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। সেই প্ৰলয়ংকাৰী বানপানীতে ৰাজ্যখনৰ ২০ জন লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছিল। এক তথ্য অনুসৰি বানপানীৰ ফলত ৰাজ্যখনৰ প্ৰায় ৩৫৮.২৩ কোটি টকাৰ লোকচান হোৱা বুলি প্ৰকাশ পায়।

মুখ্য মন্ত্ৰী এন বিৰেন সিঙ নেতৃত্বাধীন চৰকাৰখনে বানপানীৰ পিছত অঞ্চল সমূহৰ এক সমীক্ষা চলাইছিল আৰু সমীক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা ৰাজ্যখনক সহায় কৰিবলৈ অনুৰোধ জনায়।

ইফালে ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে বানপানীৰ ফলত ৰাজ্যখনৰ ধান শস্য ২০১৬ চনৰ উৎপাদনতকৈ ২০১৭ চনত ব্যাপকভাবে হ্ৰাস পাইছে।