• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

যিকোনো মূল্যৰ বিনিময়তে নাগালেণ্ডক গেৰুৱাকৰণ কৰিবলৈ দিয়া উচিত নহয় : কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2018 7:50 pm
Congress-Headquarters-image-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অহা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিদায় ল’ব লগা দল এটাক ভোট দি ভুল নকৰিব।’ নাগালেণ্ডবাসীক আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা এই আহ্বান জনালে কংগ্ৰেছে।

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ আজি অন্ত পৰা নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছে বিজেপিক ক্ষুৰধাৰ আক্ৰমণ কৰে। বিজেপিৰ লগতে বিজেপিৰ মিত্ৰ দল এন ডি পি পিকো সমালোচনা কৰে দলটোৱে।

আজি এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক তথা নাগালেণ্ডত দলৰ নিৰ্বাচনী দায়িত্বত থকা ড০ জয়কুমাৰে কয় যে নাগালেণ্ডক যিকোনো মূল্যৰ বিনিময়তে ‘গেৰুৱাকৰণ’ হোৱাৰ পৰা বচাব লাগিব। ‘নাগালেণ্ড বিক্ৰীৰ বাবে নহয়।’ এই বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে জয়কুমাৰে।

‘যদিহে খ্ৰীষ্টান প্ৰধান ৰাজ্যখনত এই দলটো জিকে, এইটো হিন্দুত্বক গ্ৰহণ কৰি লোৱাৰ দৰে হ’ব।’ এইদৰে কয় জয়কুমাৰে। তেওঁ নাগাসকলক বিক্ৰীৰ সামগ্ৰীত পৰিণত নহ’বলৈ আহ্বান জনায়।

‘যদি কোনোবাই বিজেপিক ভোট দিয়ে, সেয়া হ’ব কেৱল টকাৰ বাবে।’ এইদৰে কৈ তেওঁ কয় যে বিজেপিয়ে ৰাজ্যখন গেৰুৱা কৰিবলৈহে আহিছে।

আনহাতে জয়কুমাৰে প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ২২ ফেব্ৰুৱাৰিত টুৱেনচাঙৰ সমাৱেশত দিয়া শ্ল’গান ‘ট্ৰেন্সপ’ৰ্টেইশ্যন ফৰ ট্ৰেন্সফ’ৰমেইশ্যন’ৰ ঠাইত আচলতে ‘ট্ৰেন্সপ’ৰ্টেইশ্যন ফৰ ছেফ্ৰনাইজেইশ্যন’ বুলি কটাক্ষ কৰে।

আনহাতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনে নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এন ডি পি পি)কো সমালোচনা কৰে। তেওঁ এন ডি পি পি-বিজেপিৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী নেইফিঅ’ ৰিঅ’ক তেওঁ নাগালেণ্ডলৈ গেৰুৱা দলটোক আনি জীৱনৰ ডাঙৰ পাপ কৰা বুলি মন্তব্য কৰে। তেওঁ কটাক্ষ কৰি কয়, ‘ৰিঅ’ই নাগালেণ্ডত বিজেপিক সাৰপানী দি আছে।’

নেতাজনে লগতে ৰিঅ’ই ২০০৮ চনত য়ু পি এৰ অধ্যক্ষালৈ লিখা চিঠিখনৰ কথা উল্লেখ কৰে, যিখনত ৰিঅ’ই নাগালেণ্ডৰ পৰা বিজেপিক উৎখাত কৰি দিলো বুলি গৰ্ব প্ৰকাশ কৰিছিল।

মোদীৰ টুৱেনচাঙৰ সভাৰ বক্তব্যৰ প্ৰসংগত জয় কুমাৰে কয় যে তেওঁ মোদীয়ে নাগা শান্তি আলোচনা নিষ্পত্তি কৰিবৰ বাবে এটা চূড়ান্ত সময়সীমা ঘোষণা কৰাৰ লগতে নাগা সংকটৰ সমাধান নকৰাকৈ নাগালেণ্ডত নিৰ্বাচন জাপি দিয়া বাবে নাগাসকলৰ ওচৰত ক্ষমা খুজিব বুলি আশা কৰিছিল। কিন্তু তাৰ পৰিৱৰ্তে মোদীয়ে আলোচনা চলি আছে আৰু অধিক গোটে ইয়াত অংশ গ্ৰহণ কৰি আছে বুলিহে ক’লে।

আনহাতে তেওঁ মোদীয়ে ২০১৫ চনৰ ৩ আগষ্টত তদানীন্তন কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক গৰ্বেৰে নাগা সমস্যা সমাধান হৈ গ’ল বুলি কোৱাৰ কথাও সোঁৱৰাই দিয়ে।

তেওঁ কয়, ‘মোদীয়ে কেৱল কথা কয়, কাম একো নকৰে।’

তেওঁ মোদীয়ে টুৱেনচাঙৰ সভাত পথ যাতায়াতৰ বাবে ১০ হাজাৰ কোটি টকা, ৮,৫০০ টা ঘৰ, ক’হিমা স্মাৰ্ট চিটিৰ বাবে ১৮০০ কোটি টকা আদি ঘোষণাৰ প্ৰসংগতো সৰৱ হয়। তেওঁ কয় যে এইবোৰৰ কোনোটোৱেই অলপতে দাখিল কৰা কেন্দ্ৰীয় বাজেটত অন্তৰ্ভুক্ত হোৱা নাই। তেওঁ মোদীক নাগাসকলৰ বাবে ঘঁৰিয়ালৰ চকুপানী টোকা আৰু আভুৱা ভাঁৰা মানুহ বুলি কয়।

আনহাতে কেলেংকাৰি-দুৰ্নীতিৰ বিৰুদ্ধে মোদীয়ে মাত মতাৰ অধিকাৰ নাই বুলিও জয় কুমাৰে কয়। তেওঁ এই বিষয়টোত ‘বিশেষজ্ঞ’ হৈ গ’ল বুলি কৈ তেওঁ বিমুদ্ৰাকৰণ, পাঞ্জাব নেশ্যনেল বেংকৰ ১৪,৫০০ কোটি টকীয়া কেলেংকাৰি, ৰাফেল লেনদেনৰ কথাৰে উদাহৰণ দাঙি ধৰে। মোদীয়ে দুৰ্নীতি নিৰ্মূল কৰাৰ কথা ক’লে শোভা নাপায় বুলি কয় নেতাজনে।

কংগ্ৰেছৰ নেতাজনে দলটোৱে নাগালেণ্ডত প্ৰাৰ্থী দিয়া ১৮টা সমষ্টিৰ ভিতৰত ৮টাত জিকাটো নিশ্চিত হৈ আছে আৰু আন ৪টাত জিকাৰ ৭০ শতাংশ সম্ভাৱনা আছে বুলি দাবী কৰে। তেওঁ দলটোৱে পৰৱৰ্তী চৰকাৰ গঠনত অংশ গ্ৰহণ কৰিব বুলিও কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd