যুৱ হুংকাৰ সমাৱেশত সিদ্ধান্ত : ফেব্ৰুৱাৰিত অসমত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

অসমত দুই কোটি হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি উঠি-পৰি লাগিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিজেপিয়ে ভোটবেংক সুৰক্ষিত কৰিব খুজিছে। লগতে এই বিধেয়কখনৰ জৰিয়তে বিজেপিৰ হিন্দু ৰাষ্ট্ৰৰ ধাৰণাক এখোজ আগ বঢ়াই দিব। এইবোৰৰ পৰা দেশক উদ্ধাৰ কৰাৰ বাবেই বিজেপি, আৰ এছ এছৰ ৰাজত্ব শেষ কৰাৰ বাবে এক নতুন স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰাৰ সময় আহি পৰিছে। এই বক্তব্য কৃষক নেতা অখিল গগৈৰ। নতুন দিল্লীত অনুষ্ঠিত যুৱ হুংকাৰ ৰেলিত অংশ গ্ৰহণ কৰি কৃষক নেতাজনে এই মন্তব্য আগ বঢ়ায়।

যুৱ হুংকাৰ সমাৱেশটোত দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক শক্তিশালী নেতাই অংশগ্ৰহণ কৰে। এই নেতাসকলে সমস্বৰে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰ তথা সংবিধানৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

অসমৰ পৰা অংশগ্ৰহণ কৰা কৃষক নেতা অখিল গগৈয়ে এই সমাৱেশৰ পিছত সাংবাদিকৰ আগত কয় যে অহা ফেব্ৰুৱাৰি মাহত অসমত বিজেপিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হ’ব। তাত দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি বিৰোধী নেতাসকলে অংশ গ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে ওফৰাই পেলোৱা হ’ব বিজেপিৰ হিন্দু ৰাষ্ট্ৰ গঠনৰ ষড়যন্ত্ৰক।

কৃষক নেতাজনে সাংবাদিকৰ আগত কয় যে বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছতে প্ৰধান মন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ বাবে থকা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল, যাৰ ফলত অসমেই নহয় সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। একেদৰে মোদী চৰকাৰে উত্তৰ-পূবৰ বাবে থকা বিশেষ ঔদ্যোগিক নীতি বন্ধ কৰি দিয়াৰ কথাও উল্লেখ কৰে। লগতে তেওঁ অৰুণাচলত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰি থকা বৃহৎ নদীবান্ধৰ কথা উল্লেখ কৰে।

আজি দিল্লীত এক নতুন ৰাজনৈতিক বিকল্পৰ সূত্ৰপাত হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে দেশৰ প্ৰগতিশীল যুৱ নেতাসকল একত্ৰিত হৈ আৰম্ভ কৰিব এক নতুন স্বাধীনতা সংগ্ৰাম। আজি এই সংগ্ৰামৰ আৰম্ভণি হৈছে। সমাৱেশত গুজৰাটৰ বাডগাম সমষ্টিৰ বিধায়ক জিগনেছ মেৱানীৰ লগতে দেশৰ বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ, কানহায়া কুমাৰ, ওমৰ খালিদসহ বহুকেইজন যুৱ নেতা উপস্থিত আছিল।