• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

যোগদান কৰিয়ে এন চি পিৰ সভাপতিৰ দায়িত্ব ল’লে চালেং এ চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2018 9:35 pm
যোগদান কৰিয়ে এন চি পিৰ সভাপতিৰ দায়িত্ব ল’লে চালেং এ চাংমাই
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনমুখী মেঘালয়ত এন চি পি দলৰ বাবে এটা সকাহ কঢ়িয়াই নিৰ্দলীয় বিধায়ক চালেং এ চাংমাই আজি চলিত বিধানসভাৰ পৰা পদত্যাগ কৰি দলটোত যোগ দিয়াই নহয়, দলটোৰ নেতৃত্বৰ দায়িত্বও লয়। আজি চালেঙে নিজৰ পদত্যাগৰ কথা জনাই বিধানসভাৰ সচিবালয়ৰ প্ৰশাসনিক ভৱনত থকা বিধানসভাৰ অধ্যক্ষ এ টি মণ্ডললৈ পত্ৰ প্ৰেৰণ কৰে।

অধ্যক্ষ সেই সময়ত প্ৰশাসনিক ভৱনত নথকাত পত্ৰখন চালেঙে বিধানসভাৰ আয়ুক্ত আৰু সচিবক প্ৰদান কৰে।

উল্লেখযোগ্য যে চালেঙে দ্বিতীয়বাৰৰ বাবে বিধায়ক হৈছিল। প্ৰথমবাৰ ২০০৮ চনত কংগ্ৰেছৰ পৰা আৰু দ্বিতীয়বাৰ নিৰ্দলীয় হৈ ২০১৩ গামবেগ্ৰে সমষ্টিৰ পৰা জিকিছিল।

চালেঙৰ পদত্যাগৰ পিছত ৬০ জনীয়া মেঘালয় বিধানসভাৰ বৰ্তমান সদস্য সংখ্যা ৪৬ জনলৈ নামিল।

চালেঙকে ধৰি মুঠ ১৪জন বিধায়কে চলিত বিধানসভাৰ পৰা পদত্যাগ কৰে। ইয়াৰে সাতজন শাসনাধিষ্ঠিত কংগ্ৰেছৰ, পাঁচজন নিৰ্দলীয়, এজনকৈ এন চি পি আৰু য়ুনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ।

আজিৰ যোগদানৰ পিছতে চালেঙক এন চি পি দলটোৰ সভাপতিৰ দ্বায়িত্বত বহুওৱা হয়। তেওঁ চেনবৰ চুলাইৰ ঠাইত এই দায়িত্ব লয়। চুলাইক বিজেপিৰ প্ৰতি মন মেলাৰ বাবে যোৱা বছৰ সভাপতি পদৰ পৰা আঁতৰোৱা হৈছিল।

উল্লেখযোগ্য যে এন চি পিৰ পৰা চুলায়ে দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল। তেওঁ আজিৰ পৰা দুসপ্তাহ মান পূৰ্বে বিজেপি দলত যোগদান কৰিছিল।

আনহাতে আজি সাংবাদিকৰ আগত চালেঙে কয় যে তেওঁ ৰাজ্যখনৰ খাচি আৰু জয়ন্তীয়াসকলৰ মাজত বিভাজন সৃষ্টি হোৱাটো নিবিচাৰে। তেওঁ কয় যে যেতিয়া চালেং দলটোৰ সভাপতি আছিল, কোনেও এন চি পিক খাচিসকলৰ দল বুলি ক’বলৈ মন কৰা নাছিল। মন কৰিব লগীয়া যে চালেঙৰ গৃহ ঠাই গাৰো পাহাৰত মুঠ ২৪ টা বিধানসভা সমষ্টি আছে।

উল্লেখযোগ্য যে এন চি পি দলটো প্ৰাক্তন লোকসভা অধ্যক্ষ, প্ৰয়াত পূৰ্ণ অগিটোক চাংমাৰ দ্বাৰা নেতৃত্ব দিয়া হৈছিল। পিছত যিজনে নেশ্যনেল পীপলছ পাৰ্টিত যোগদান কৰে। তাৰ পিছতে চুলায়ে মেঘালয়ত এন চি পিৰ সভাপতি হিচাপে দায়িত্ব লৈ আহিছিল।

আনহাতে আজি দলটোত যোগদান কৰিয়ে চালেঙে মুকুল চাংমাক সমালোচনা কৰে। মুখ্য মন্ত্ৰজনে গাৰো পাহাৰক সৰ্বাধিক সুবিধা দিয়া বুলি অভিযোগ কৰে।

‘এই দূৰত্ব আমি কমাব লাগিব আৰু ইয়াক সলনি কৰিব লাগিব। আমি সকলো মেঘালয়বাসী একে সমান আৰু ৰাজ্যখনত সম বিকাশ হ’ব লাগে।’ চালেঙে কয়। তেওঁ ৰাজ্যখন এটা সময়ত শিক্ষাৰ নাভিকেন্দ্ৰ আছিল, কিন্তু এতিয়া ইয়াৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলৈ বাহিৰলৈ যাব লাগে বুলিও অভিযোগ কৰে।

উল্লেখযোগ্য যে এন চি পিয়ে আগন্তুক নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰথমখন তালিকৈ কাইলৈ ঘোষণা কৰাৰ কথা। কাইলৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰফুল পেটেলে ৰাজ্যখন ভ্ৰমণৰ বাবে উপস্থিত হোৱাৰ কথা। ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে শ্বিলঙত দলৰ কাৰ্য্যলয়ৰ আধাৰশিলা স্থাপন কৰাৰ পিছত বুধবাৰে গাৰো পাহাৰ ভ্ৰমণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাখীৰ কিনিবলৈ ক্লিক কৰি হেৰুৱালে ১৮.৫ লাখ টকা: চাইবাৰ জালিয়াতিত প্ৰতাৰিত বৃদ্ধা

গাখীৰ কিনিবলৈ ক্লিক কৰি হেৰুৱালে ১৮.৫ লাখ টকা: চাইবাৰ জালিয়াতিত প্ৰতাৰিত বৃদ্ধা

August 16, 2025 2:27 pm
ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

স্বাধীনতা দিৱসৰ দিনাই উত্তপ্ত অসম–নগালেণ্ড সীমান্ত : তিনি অসমীয়া যুৱকক নগাৰ নৃশংস আক্ৰমণ

August 16, 2025 1:28 pm
ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

ভাৰতৰ বাবে সাময়িক সকাহ! পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কক লৈ কি ক’লে ট্ৰাম্পে?

August 16, 2025 12:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাখীৰ কিনিবলৈ ক্লিক কৰি হেৰুৱালে ১৮.৫ লাখ টকা: চাইবাৰ জালিয়াতিত প্ৰতাৰিত বৃদ্ধা

গাখীৰ কিনিবলৈ ক্লিক কৰি হেৰুৱালে ১৮.৫ লাখ টকা: চাইবাৰ জালিয়াতিত প্ৰতাৰিত বৃদ্ধা

August 16, 2025 2:27 pm
ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

August 16, 2025 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd