‘সদ্ভাৱনা অভিযান’ৰ অংশ হিচাপে সেনা বাহিনীৰ ডিব্ৰুগড় বেটেলিয়নৰ লক্ষীপথাৰ গোটে লাইপুলি ব্ৰিগেডৰ সহযোগিতাত লক্ষীপথাৰ গাঁৱত আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে।
শিশু, মহিলা তথা বয়োবৃদ্ধকে ধৰি সমূহ ৰাইজক চিকিৎসা, পৰামৰ্শ আৰু বিশেষীকৃত চিকিৎসা সেৱা আগবঢ়োৱা উক্ত চিকিৎসা শিবিৰটোত সেনাৰ এজন চিকিৎসকৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা যোৱা চকু, ই এন টি আৰু মেডিচিন বিভাগৰ এজনকৈ ধৰি মুঠ ৪ জন চিকিৎসকে ইয়াত চিকিৎসা আগবঢ়াই।
অঞ্চলটোৰ বিভিন্ন ছাত্ৰ সংগঠন আৰু গাওঁৰক্ষী বাহিনীসমূহৰ অংশ গ্ৰহণে চিকিৎসা শিবিৰটো সফল কৰি তোলে। শিবিৰটোত সৰ্বমুঠ ১১৪৭ গৰাকী লোকক চিকিৎসা আৰু বিনামূলীয়া দৰৱ আগবঢ়োৱা হয়।
শিবিৰটোৱে জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰে আৰু ৰাইজে সেনা বাহিনীৰ পদক্ষেপৰ শলাগ লয়। তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানেও শিবিৰটো পৰিভ্ৰমণ কৰে।