নিটি আয়োগৰ অভিলাষী জিলাৰ অন্তৰ্ভুক্ত অসমৰ ৭খন জিলাই প্ৰস্তুত কৰি আছে কৰ্ম-আঁচনি : সোণোৱাল

NITI

আজি নতুন দিল্লীত হোৱা নিটি আয়োগৰ পৰিচালনা পৰিষদৰ চতুৰ্থখন বৈঠকত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ পিছপৰা জিলাবোৰক চিনাক্ত কৰি সেইবোৰক খৰতকীয়াকৈ আগুৱাই আনিবৰ বাবে নিটি আয়োগে লোৱা অভিলাষী জিলা (aspirational district) আঁচনিত ৰাজ্যখনৰ ৭খন জিলা নিৰ্বাচিত হৈছে আৰু এইবোৰৰ কৰ্ম আঁচনি প্ৰস্তুত কৰি থকা হৈছে।

“অসমৰ ৭খন জিলাক অভিলাষী জিলা (aspirational district) হিচাপে ধৰা হৈছে। এই জিলাবোৰৰ উপায়ুক্তসকলে সংশ্লিষ্ট জিলাৰ বাবে কৰ্ম আঁচনি তৈয়াৰ কৰি আছে। ইতিপূৰ্বে দুখন জিলাই তেওঁলোকৰ কাৰ্য্য আঁচনি দাখিল কৰিছে।” মুখ্য মন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত নিটি আয়োগৰ পৰিচালনা পৰিষদৰ চতুৰ্থখন বৈঠকত দেশৰ মুখ্য মন্ত্ৰীসকল আৰু অন্যান্য বিষয়াই অংশগ্ৰহণ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠক সম্বোধন কৰি কয় যে পৰিচালনা পৰিষদ (Governing Council) এনেকুৱা এখন মঞ্চ, য’ৰ পৰা ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰি। তেওঁ লগতে কেন্দ্ৰই সকলো বানাক্ৰান্ত ৰাজ্যক সকলো প্ৰকাৰৰ সমৰ্থন আগ বঢ়োৱাৰ বাবে থকা দায়বদ্ধতাৰ কথাও উল্লেখ কৰে।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে তেওঁৰ চৰকাৰে অহা ১ জুনৰ পৰা ১৫ আগষ্ট পৰ্য্যন্ত গ্ৰাম স্বৰাজ নামৰ এটা অভিযান আৰম্ভ কৰিব। ইয়াৰ অধীনত ৰাজ্যখনৰ ৭খন জিলাত সময় নিৰ্ধাৰিত ধৰণত ৭টা মুখ্য আঁচনি ৰূপায়ণ কৰিবলৈ লোৱা হৈছে।

উল্লেখযোগ্য যে অহা ছেপ্তেম্বৰৰ প্ৰথম ভাগতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

ইফালে সোণোৱালে নিটি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত ৰাজ্যখনত হোৱা উন্নয়নমূলক কাম-কাজৰ এখন ছবি আৰু শেহতীয়াকৈ বৃদ্ধি পোৱা ৰাজহ সংগ্ৰহৰ তথ্যও দাঙি ধৰে।

তেওঁ কয় যে অসমৰ বাৰ্ষিক ৰাজহ সংগ্ৰহ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ১২,৮৪৭ কোটি টকাৰ তুলনাত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ ১৫,৭৭৬ কোটি টকালৈ বৃদ্ধি হয়। আনহাতে এই সময়ছোৱাত ব্যয়ো প্ৰায় দুগুণ হোৱা বুলি মুখ্য মন্ত্ৰীজনে জনায়। তেওঁ লগতে কয় যে অসম চৰকাৰে ৪ লাখতকৈও অধিক ভুৱা জব কাৰ্ড ধৰা পেলায় বাতিল কৰিছে। তেওঁ আৰু কয় যে জব কাৰ্ডৰ হিতাধিকাৰীক মজুৰি দিয়াত হোৱা বিলম্ব নোহোৱা কৰিবলৈ চৰাকাৰে চেষ্টা চলায় আছে।