শংকৰদেৱৰ আদৰ্শক বিলাই দিবলৈ অসম সত্র মহাসভাক মুখ্য মন্ত্ৰীৰ আহ্বান

Satra

অসমৰ সমাজ গঠনত পিতামহৰ দৰে ভূমিকা লোৱা শ্ৰীমন্ত শংকৰদেৱৰ বাণী আৰু আদৰ্শক দেশ আৰু দেশৰ বাহিৰৰো সৰ্বত্ৰে প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব ল’বলৈ আজি অসম সত্ৰ মহাসভাক আহ্বান জনালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ ৰাসলীলা খেলপথাৰত চলি থকা অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশ আৰু সত্ৰাধিকাৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি সোণোৱালে এই আহ্বান জনায়।

মহাপুৰুষজনাৰ বিষয়ে ক’বলৈ গৈ মুখ্য মন্ত্ৰীজনে কয় যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ এজন মহান মানৱতাবাদীও আছিল, যাৰ নীতি সম্পূৰ্ণ বিজ্ঞানসন্মত আছিল। অসম সত্ৰ মহাসভাই গুৰুজনাৰ এই মহান শিক্ষাক প্ৰসাৰতা দিয়াৰ দায়িত্ব কান্ধ পাতি ল’ব লাগে।

‘আমি অসমৰ মানুহে বৰ অসমৰ ভেটি মজবুত কৰিবৰ বাবে শংকৰদেৱৰ এই মানৱতা, একতা আৰু শান্তিৰ আদৰ্শ ল’ব লাগিব।’ সোণোৱালে কয়। তেওঁ সম্ভাৱনাময় অসমৰ উন্নতিৰ কাৰণে গুৰুজনাৰ আদৰ্শই ডাঙৰ ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰে। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোৰে মানুহে ঐক্যবদ্ধভাৱে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে।

তেওঁ সত্ৰ মহাসভাই শংকৰদেৱৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈ কয় যে তেওঁলোকক গুৰুজনাৰ আদৰ্শৰ মাজত থকা বিজ্ঞানসন্মত দিশবোৰ শিকাব লাগে।

আনহাতে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়েও অনুষ্ঠানটোত ভাগ লৈ নিজৰ ভাষণত গুৰুজনাৰ আদৰ্শৰ প্ৰভাৱৰ কথা কয়। তেওঁ এই অনুষ্ঠানটোৰ বাবে কোকৰাঝাৰক নিৰ্বাচন কৰা বাবে সত্ৰ মহাসভাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এই কথাই প্ৰমাণ কৰে যে কোকৰাঝাৰে সকলো স্তৰৰ লোকক আঁকোৱালি ল’ব পাৰে।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলা সত্ৰ মহাসভাৰ আৰু শংকৰদেৱ নামঘৰৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, কাৰ্য্যকৰী সভাপতি হৰিদেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী, বিটিচি উপ-মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত আছিল।