• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰদেৱৰ আদৰ্শক বিলাই দিবলৈ অসম সত্র মহাসভাক মুখ্য মন্ত্ৰীৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 10:07 am
Satra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সমাজ গঠনত পিতামহৰ দৰে ভূমিকা লোৱা শ্ৰীমন্ত শংকৰদেৱৰ বাণী আৰু আদৰ্শক দেশ আৰু দেশৰ বাহিৰৰো সৰ্বত্ৰে প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব ল’বলৈ আজি অসম সত্ৰ মহাসভাক আহ্বান জনালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কোকৰাঝাৰৰ শংকৰদেৱ নামঘৰ ৰাসলীলা খেলপথাৰত চলি থকা অসম সত্ৰ মহাসভাৰ ৫১ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশ আৰু সত্ৰাধিকাৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি সোণোৱালে এই আহ্বান জনায়।

মহাপুৰুষজনাৰ বিষয়ে ক’বলৈ গৈ মুখ্য মন্ত্ৰীজনে কয় যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ এজন মহান মানৱতাবাদীও আছিল, যাৰ নীতি সম্পূৰ্ণ বিজ্ঞানসন্মত আছিল। অসম সত্ৰ মহাসভাই গুৰুজনাৰ এই মহান শিক্ষাক প্ৰসাৰতা দিয়াৰ দায়িত্ব কান্ধ পাতি ল’ব লাগে।

Apply Now

‘আমি অসমৰ মানুহে বৰ অসমৰ ভেটি মজবুত কৰিবৰ বাবে শংকৰদেৱৰ এই মানৱতা, একতা আৰু শান্তিৰ আদৰ্শ ল’ব লাগিব।’ সোণোৱালে কয়। তেওঁ সম্ভাৱনাময় অসমৰ উন্নতিৰ কাৰণে গুৰুজনাৰ আদৰ্শই ডাঙৰ ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰে। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলোৰে মানুহে ঐক্যবদ্ধভাৱে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে।

তেওঁ সত্ৰ মহাসভাই শংকৰদেৱৰ আদৰ্শক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈ কয় যে তেওঁলোকক গুৰুজনাৰ আদৰ্শৰ মাজত থকা বিজ্ঞানসন্মত দিশবোৰ শিকাব লাগে।

আনহাতে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়েও অনুষ্ঠানটোত ভাগ লৈ নিজৰ ভাষণত গুৰুজনাৰ আদৰ্শৰ প্ৰভাৱৰ কথা কয়। তেওঁ এই অনুষ্ঠানটোৰ বাবে কোকৰাঝাৰক নিৰ্বাচন কৰা বাবে সত্ৰ মহাসভাকো ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এই কথাই প্ৰমাণ কৰে যে কোকৰাঝাৰে সকলো স্তৰৰ লোকক আঁকোৱালি ল’ব পাৰে।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলা সত্ৰ মহাসভাৰ আৰু শংকৰদেৱ নামঘৰৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, কাৰ্য্যকৰী সভাপতি হৰিদেৱ গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী, বিটিচি উপ-মুখ্য কাৰ্য্যবাহী খাম্ফা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd