শনিবাৰে গাৰো পাহাৰৰ এখন গণ সমাৱেশত ভাষণ দিব অমিত শ্বাহে

Amit-Shah

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ টিক্ৰিকিল্লাত শনিবাৰে এখন গণ সমাৱেশত ভাষণ দিব।

বিজেপিৰ শক্তিশালী ভেটি থকা টিক্ৰিকিল্লাত অমিত শ্বাহৰ প্ৰথমটো ভ্ৰমণে আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ উত্তপ্ত কৰি তুলিবলৈ সাজু হৈছে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী কে চি বড়োৱে সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

শ্বাহৰ সৈতে সমাৱেশত উপস্থিত থাকিব মেঘালয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা কেন্দ্ৰীয় পৰ্যটন বিভাগৰ মন্ত্ৰী কে জে এলফ’নছ, অসমৰ বিজেপি দলৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলীন কোহলি আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ছিবুন লিংডোৰ লগতে আৰু অন্যান্য নেতৃবৃন্দ।

বিগত তিনিমাহত অমিত শ্বাহৰ মেঘালয় ভ্ৰমণৰ কাৰ্যসূচীৰ পৰিকল্পনা চলি আছিল যদিও কমেও তিনিবাৰ সেয়া সলনি কৰা হৈছিল। ৰাজ্যখনত বিজেপি দলে নিজৰ অৱস্থান দৃঢ় কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ সময়ত অমিত শ্বাহৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

যোৱা ডিচেম্বৰৰ শেহৰ পিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত মুকুল চাংমা আৰু তেওঁৰ কেবিনেট সতীৰ্থৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি ‘’পৰিৱৰ্তনৰ সমাৱেশ’’ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণশিঙা বজাইছিল।

গাৰো পাহাৰত শ্বাহৰ নিৰ্বাচনী সভাৰ বাবে ব্যাপক আয়োজন গঢ়ি তোলা হৈছে। শনিবাৰৰ সভাখনৰ বাবে ৰাজ্যিক বিজেপিৰ শীৰ্ষ কৰ্মকৰ্তাসকলে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। বিজেপিয়ে সভাত ১০,০০০ লোকৰ উপস্থিতি আশা কৰিছে আৰু শ্বাহৰ এই ভ্ৰমণে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ বাবে দলৰ স্থিতি মজবুত কৰাৰ লগতে ব্যাপক প্ৰভাৱ পেলাব বুলি তেওঁলোক উৎসাহিত হৈ পৰিছে।

‘’আমি টিক্ৰিকিল্লাক লৈ অত্যন্ত আশাবাদী কিয়নো আমাৰ প্ৰাৰ্থীগৰাকী অত্যন্ত শক্তিশালী আৰু আমি নিশ্চিত যে এই সভাই বিজেপিৰ কৰ্মী তথা সমৰ্থকসকলৰ মনোবল বৃদ্ধি কৰিব,’’-ৰাজ্যিক বিজেপিৰ সভাপতি ছিবুন লিংডোই কয়। টিক্ৰিকিল্লাৰ গণ সমাৱেশত ভাষণ দিয়াৰ পিছত শ্বাহে ছিলঙত বিজেপিৰ নতুনকৈ নিৰ্মিত কাৰ্যালয়টো মুকলি কৰিব।

কেন্দ্ৰত বিজেপিৰ মিত্ৰ দল নেশ্যনেল পীপলছ পাৰ্টিয়ে কালি ছিলঙত পাঁচগৰাকী কংগ্ৰেছ বিধায়কৰ লগতে অন্যান্য দলৰ তিনিগৰাকী বিধায়কক দলত যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল।