• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শম্ভু ৰাভাক পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 27, 2017 9:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সাংস্কৃতিক পথাৰখনত এক অভিনৱ তথা আপুৰুগীয়া বাদ্য কাৰানাল বজাই অসমৰ জাতীয় পৰম্পৰাক জীপাল কৰি বিস্ব দৰবাৰত ৰাভা সংস্কৃতিৰ লগতে অসমীয়া সংস্কৃতিৰ বৰেণ্য পৰিচয় ডাঙি ধৰাৰ বাবে গোৱালপাৰাৰ বৰদামালৰ শম্ভু ৰাভাক আজি সদৌ অসম ছাত্ৰ সন্থাই চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানত প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰে।বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দিপাংক নাথ আৰু সম্পাদক লুৰিণ জ্যোতি গগৈৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পঞ্চদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে আৰম্ভ হোৱা বক্তৃতা প্ৰদান অনুষ্ঠানত পোনপ্ৰথমে আছুৰ সভাপতি দিপাংক নাথে বক্তৃতা প্ৰদান কৰে। তেওঁ লোকসংস্কৃতিৰ বাবে অহোপুৰুষাৰ্থ কৰা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন প্ৰণালীৰ বিষয়ে কিছু কথা অৱগত কৰে। ইয়াৰ উপৰি তেওঁ কাৰানল নামৰ বাদ্যবিধৰ স্ৰষ্টা শম্ভু ৰাভাক প্ৰশংসা কৰি কয় যে ৰাভাৰ দ্বাৰা সৃষ্ট এই বাদ্যবিধ বজাই গুৱাহাটী বিশ্ব বিদ্যালয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত তিনিবাৰকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। অসমত বৰ্তমান সময়ত শিল্পীৰ মৰ্যদা কম হোৱাৰ লগতে বহু শিল্পীয়ে বৰ্তমানলৈকে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পোৱা নাই বুলিও উক্ত সভাত ব্যক্ত কৰে।

ইয়াৰ পিছতে এই সভাত ভাষণ প্ৰদান কৰি লুৰিণ জ্যোতি গগৈয়ে উল্লেখ কৰে যে মানুহৰ মাজত ভয়-শংকা নাইকিয়া কৰি প্ৰতিটো জাতি-জনগোষ্ঠীক সমন্বয়ৰ দোলেৰে বান্ধি ৰাখিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই গোৱালপৰীয়া লোকগীতৰ স্ৰষ্টা প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকীত প্ৰত্যেক বছৰে একোগৰীকীকৈ শিল্পীক বঁটা প্ৰদান কৰি আহিছে। এই বছৰো আছুৱে শম্ভু ৰাভাক তেওঁৰ সৃষ্টিৰাজীৰ বাবে এই বঁটা প্ৰদান কৰিলে। ইয়াৰ উপৰি তেওঁ লোক সংস্কৃতিৰ বুৰঞ্জীক এটা জাতিৰ সভ্যতাৰ বুৰঞ্জীৰ সৈতে তুলনা কৰি কয় যে অসমীয়া সংস্কৃতিক যাতে কোনো লোকে বিকৃত কৰাৰ চেষ্টা নকৰে। কথা প্ৰসংগত আছুৰ নেতা গৰাকীয়ে সকলো অসমবাসীকে লোক সংস্কৃতিৰ ৰক্ষা জাতীয় দ্বায়িত্ব হিচাপে পালন কৰিবৰ বাবে অনুৰোধ জনায়। উক্ত বঁটা প্ৰদান সভাতে লুৰিণ জ্যোতি গগৈয়ে প্ৰতিমা বৰুৱা পাণ্ডেক ৰাজ্যৰ যুৱপ্ৰজন্মই পাহৰি পেলাইছে আৰু যিদৰে লেখা-মেলা হ’ব লাগিছিল সেয়া বৰ্তমানলৈকে হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে।

https://youtu.be/qrqdHI2YmzM

সভাৰ শেষত জাতীয় সংগঠনটোৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বক্তৃতা অনুষ্ঠানৰ শেষত ভাষণ প্ৰদান কৰি কয় যে সংস্কৃতিয়ে সমাজ গঢ়ে আৰু এই কথাষাৰ সাৰোগত কৰি প্ৰতিমা পাণ্ডেই তেখেতৰ কৰ্মৰাজিৰে সমাজলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছিল। তেখেতৰ এই সৃষ্টিৰাজিক গোৱালপৰীয়া লোকসংস্কৃতি আৰু অধিক প্ৰসাৰতা দিবৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই থলুৱা শিল্পীসকলক সন্মান জনাই আহিছে বুলি উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে। বক্তৃতাৰ মাজতে তেওঁ চৰকাৰক ৰজাঘৰীয়া আখ্যা দি ৰজাৰ জীয়ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহটো সংৰক্ষণ কৰি ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ আহ্বান জনায়। বক্তৃতা প্ৰসংগত ভট্টাচাৰ্য্যই শম্ভু ৰাভাক শুভেচ্ছা জনোৱাৰ লগতে কাৰানল যন্ত্ৰৰ জৰিয়তে ৰাভা জনগোষ্ঠীৰ এক সুকীয়া পৰিচয় প্ৰদান কৰা বুলি শিল্পী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

উল্লেখযোগ্য যে ওৰেতো জীৱন লোক সংস্কৃতিৰ লগত ওতঃ-পোতঃ ভাৱে জড়িত হোৱা শম্ভু ৰাভাক ৰাভা হাচং স্বায়ত্ব পৰিষদে তেওংক ‘ৰাজেন পাম বঁটা’ ৰে সন্মানিত কৰিছিল। ইতিমধ্যে ভাৰত চৰকাৰৰ পূৰ্বোত্তৰ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰইও ‘গুৰু’ সন্মান যাঁচি তেখেতৰ কলা-কৌশলক সন্মান জনাইছে। জানিব পৰা মতে তেওঁ বৰ্তমান সময়ত কেইবাগৰাকী যুৱক-যুৱতীক এই বাদ্য বজোৱাৰ প্ৰশিক্ষণ দি আছে

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

September 12, 2025 3:59 pm
‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

September 12, 2025 3:48 pm
আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

আদানী কয়লা খনি প্ৰকল্পত বন অধিকাৰ আইন উলংঘাৰ অভিযোগ কংগ্ৰেছৰ

September 12, 2025 2:03 pm
সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

September 12, 2025 3:59 pm
‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

‘কালি ৰাতিহে ফাইলটো পালোঁ’- ওমৰ খালিদৰ জামিন আবেদনত ১৯ ছেপ্টেম্বৰলৈকে স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

September 12, 2025 3:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd