• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2025 1:23 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰৰ অপৰাধত ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে। তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী পৰাজয়ৰ পিছত ক্ষমতাত থাকিবলৈ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত দীঘলীয়া বিচাৰৰ অন্তত বৃহস্পতিবাৰে পাঁচজনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰে।

ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে জেইৰ বলছ’নাৰোক দোষী সাব্যস্ত কৰাৰ কেইঘণ্টামানৰ ভিতৰতে এই ৰায় ঘোষণা কৰে। অৱশ্যে পাঁচজন ন্যায়াধীশৰ ভিতৰত চাৰিজনে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বলছ’নাৰোক দোষী সাব্যস্ত কৰে। যদিও এজনে তেওঁক মুক্তিৰ পক্ষত আছিল। শেষত চাৰিজন ন্যায়াধীশৰ পৰামৰ্শ মতে তেওঁক ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হয়।

Apply Now

ৰায়দানত কোৱা হৈছে যে ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাওঁপন্থী প্ৰতিদ্বন্দ্বী লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ হাতত পৰাস্ত হোৱাৰ পিছতো বলছনাৰোৱে ক্ষমতাত থাকিবলৈ অভ্যুত্থান পৰিকল্পনাৰ নেতৃত্ব দিছিল। একে সময়তে উচ্চতম ন্যায়ালয়ে তেওঁক ২০৩৩ চনলৈকে সকলো ধৰণৰ ৰাজহুৱা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে।

বিচাৰৰ পূৰ্বে পলায়নৰ ভয়ত গৃহবন্দী আছিল বলছ’নাৰো। অৱশ্যে চূড়ান্ত ৰায় ঘোষণা কৰাৰ সময়ত তেওঁ আদালতত হাজিৰ হোৱা নাছিল। বলছ’নাৰ’ৱে ন্যায়াধীশগৰাকীৰ এই ৰায়ক ‘ডাইনী চিকাৰ’ বুলি অভিহিত কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও তেওঁৰ বক্তব্যত সহমত পোষণ কৰে। ট্ৰাম্পে দাবী কৰিছিল যে তেওঁৰ বিৰুদ্ধেও একেটা গোচৰৰ বিচাৰ হৈছিল যদিও সেয়া সফল নহ’ল। ইয়াৰ উপৰিও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ২৭ বছৰৰ শাস্তি গৰিহণা দি কয় যে দেশখনৰ উচ্চতম ন্যায়ালয়ে বলছ’নাৰোক অন্যায়ভাৱে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। এইটো অন্যায়।

আনহাতে, উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণা হোৱাৰ পিছতে বোলছনাৰোৰ অধিবক্তাই ‘অত্যধিক কঠোৰ’ বুলি দাবী কৰি আবেদন জনোৱাৰ কথা ঘোষণা কৰে। ইপিন, আমেৰিকাৰ প্ৰতি সঁহাৰি জনাই ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে এই ভাবুকিয়ে ব্ৰাজিলৰ গণতন্ত্ৰক ভয় খুৱাব নোৱাৰে। অভিলেখত থকা প্ৰমাণক আওকাণ কৰি ব্ৰাজিলৰ কৰ্তৃপক্ষক আক্ৰমণ কৰাটো সঠিক নহয়।

অৱশ্যে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অধিবক্তাই কয় যে যদিহে দুজন ন্যায়াধীশে তেওঁক মুকলি কৰি দিবলৈ সন্মতি নিদিয়ে তেন্তে তেওঁক মুকলি কৰি দিয়া নহ’ব। ইতিমধ্যে বলছনাৰোৰ বিৰুদ্ধে ৫টা অভিযোগ প্ৰমাণিত হৈছে।

অভিযুক্তসকলে কয় যে বলছ’নাৰোৱে দীৰ্ঘদিন ধৰি অভ্যুত্থানৰ পৰিকল্পনা কৰি আহিছে। আনকি তেওঁৰ প্ৰতিদ্বন্দ্বী তথা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ লুলা দা চিলভাক হত্যা কৰাৰ পৰিকল্পনাও কৰিছিল।

তেওঁৰ লগতে আদালতে দুজন প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী, এজন প্ৰাক্তন চোৰাংচোৱা মুৰব্বী আৰু নিৰাপত্তা মন্ত্ৰীৰ লগতে শীৰ্ষ সামৰিক বিষয়াকে ধৰি আন সাতজন লোকক দোষী সাব্যস্ত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd