শিক্ষাৰ্থীৰ প্ৰতিবাদত অৰুণাচলৰ নেৰিষ্টত অচলাৱস্থা: আঠ ছাত্ৰৰ আমৰণ অনশন

NERIST

অৰুণাচলৰ নৰ্থ ইষ্টাৰ্ন ৰিজিঅ’নেল ইনষ্টিটিউট অৱ ছায়েন্স চমুকৈ নেৰিষ্টত এগৰাকী স্থায়ী সঞ্চালক নিযুক্তিৰ দাবীত আৰম্ভ হোৱা ধৰ্মঘটে আজি চতুৰ্থ দিনত ভৰি দিছে।

নেৰিষ্টৰ ছাত্ৰ একতা সভাই গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে শিক্ষানুষ্ঠানখনত একপ্ৰকাৰ অচলাৱস্থাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। আনহাতে বৃহস্পতিবাৰে এগৰাকী ছাত্ৰই আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত বৰ্তমান এই অনশনত চামিল হোৱা শিক্ষাৰ্থীৰ সংখ্যা আঠ গৰাকীলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে নেৰিষ্টৰ ছাত্ৰ একতা সভাই কালি ‘অৰুণাচল এক্সপ্ৰেছ’ৰ শুভাৰম্ভণি কাৰ্যসূচীৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৰুণাচল এক্সপ্ৰেছৰ উদ্ধোধনী অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে শিক্ষানুষ্ঠানখন ভ্ৰমণ নকৰাৰ বাবেও ছাত্ৰ-ছাত্ৰী সকলে তেওঁৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

কেইবাশতাধিক শিক্ষাৰ্থীয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰবিৰোধী বিভিন্ন শ্লোগান দিয়াৰ উপৰি এই ক্ষেত্ৰত কেন্দ্ৰীয় মানৱ সম্পদ দপ্তৰৰ হস্তক্ষেপ দাবী কৰে।

উল্লেখ্য যে ইতিমধ্যে নেৰিষ্টৰ ছাত্ৰ একতা সভাৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াইছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই।

ইয়াৰ মাজতে সমাগত সময়ত আঠ গৰাকী শিক্ষাৰ্থীৰ আমৰণ অনশনৰ বাবে সংঘটিত হ’ব পৰা সম্ভাব্য সকলো পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু দায়ী হ’ব বুলি সকীয়নি দিছে নেৰিষ্টৰ ছাত্ৰ একতা সভাৰ সভাপতি বান্তা নাটুঙে।

শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পাছত এইক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।