• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষা বিভাগৰ সফলতা : পাঠদান আৰম্ভৰ পূৰ্বেই সকলো বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীক দিলে বিনামূলীয়া পাঠ্যপুথি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 12:57 pm
121
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষা বিভাগ এই বছৰ এটা ব্যতিক্ৰমী সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। প্ৰতিবছৰৰ শিক্ষাবৰ্ষৰ আৰম্ভণিতেই ৰাজ্যৰ চৰকাৰী বিদ্যালয়বোৰৰ অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ মাজত বিনামূলীয়া পাঠ্যপুথি পোৱাৰ বাবে এক অনিশ্চয়তা ওলমি থাকিছিল। বছৰ বছৰ জুৰি শিক্ষা বিভাগৰ ওপৰত এইটো এটা স্বাভাৱিক অভিযোগ আছিল।

কিন্তু শিক্ষা বিভাগৰ পৰা দিয়া এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে এইবাৰ সেই অপবাদৰ পৰা শিক্ষা বিভাগে নিজকে মুক্ত কৰিবলৈ সক্ষম হ’ল। সূত্ৰটোৱে কয় যে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই সকলো বিদ্যালয়লৈ তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে সম্পূৰ্ণকৈ পাঠ্যপুথি পঠোৱা কাম ইতিমধ্যে শেষ হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰেই শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ২০১৮ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ’ব।

সূত্ৰটোৱে জনোৱা মতে ‘ক’ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা বিভাগে মুঠ ৩,৩২,৯০,৫০০খন কিতাপ বিতৰণ কৰি প্ৰথমবাৰৰ বাবে কোনোধৰণৰ আসোঁৱাহ নোহোৱাকৈ বিনামূলীয়া পাঠ্যপুথি বিতৰণ সম্পন্ন কৰিলে।

ইয়াৰে প্ৰাথমিক শাখাত(‘ক’ শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ)মুঠ ১,১৫,৫৫,১০০খন কিতাপ, উচ্চ প্ৰাথমিক শাখাত(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ) ৯৭,৬১,৮০০খন আৰু মাধ্যমিক শাখাত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ৯২,১৭,৫০০খন কিতাপ বিতৰণ কৰা হয় বুলি সূত্ৰটোৱে জনাইছে।

এই প্ৰক্ৰিয়াটোত শিক্ষা বিভাগে মুঠ ১১১.৯৮ কোটি টকা ব্যয় কৰিছে। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ জৰিয়তে বিতৰণ কৰা এই বিনামূলীয়া পাঠ্যপুথি মুঠ ১৭টা ভাষাত ছপোৱা হৈছে।

আনহাতে শিক্ষা বিভাগে জানিবলৈ দিয়া মতে অহা ১১ জানুৱাৰীত শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক অনুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিব।

Recent News

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ স্লোভেনিয়াত থকা ব্ৰঞ্জৰ মূৰ্তি অন্তৰ্ধান, তদন্ত আৰক্ষীৰ

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিজুলী বাতি জ্বলিল ছত্তীশগড়ৰ ১৭ খনকৈ গাঁৱত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd