শিৱসাগৰত বৃদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ; পুত্ৰ-বোৱাৰীৰ ওপৰত সন্দেহৰ আঙুলি

Sibsagar elderly women death

শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰ দিচিয়াল গাঁৱত আজি ৰাতিপুৱা এগৰাকী বৃদ্ধাৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ গৃহৰ পিছফালে উদ্ধাৰ হোৱা সম্পূৰ্ণ অগ্নিদগ্ধ মৃতদেহটো প্ৰয়াত হেমকান্ত বৰুৱাৰ পত্নী ৬৫ বছৰীয়া অনু বৰুৱাৰ বুলি জানিব পৰা গৈছে।

ঘটনা বিৱৰণি মতে, আজি ৰাতিপুৱা প্ৰয়াত হেমকান্ত বৰুৱাৰ ঘৰৰ কাষত ভাড়াতীয়া হিচাপে থকা এজন ব্যক্তিয়ে বৰুৱাৰ ঘৰৰ পিছফালে জুইৰ ধোঁৱা প্ৰত্যক্ষ কৰি ওচৰলৈ আহি প্ৰয়াত বৰুৱাৰ পত্নী অনু বৰুৱাক সম্পূৰ্ণ অগ্নিদগ্ধ হৈ পৰি থকা দেখা পায়। কিছু সময়ৰ পিছত আৰক্ষী আহি মৃতদেহটো পৰীক্ষা কৰাত বৃদ্ধাগৰাকীৰ ডিঙিত অঘাতৰ চিন দেখা পায়। যাৰ বাবে এইটো হত্যাকাণ্ড নে আত্মহত্যাৰ ঘটনা সেয়া নিশ্চত কৰিব পৰা নাই। ফৰেনচিক পৰীক্ষাৰ পিছতহে ইয়াক নিশ্চিত কৰিব পৰা যাব।

আনহাতে মৃতদেহৰ কাষত পোৱা এখন চুইচাইড নোটে ঘটনাটোক ৰহস্যৰ আৱৰ্তলৈ নিছে। কাৰণ বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বাবে আত্মহত্যা কৰা বুলি চুইচাইড নোটত স্পষ্ট ভাৱে লিখা আছে।

স্থানীয় একাংশ লোকে পুত্ৰ-বোৱাৰীয়ে মিলি অনিমা বৰুৱাক হত্যা কৰি হত্যাকাণ্ডটো গাপ দিয়াৰ বাবে মৃতদেহটো জ্বলাই দিলে বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্তত হে ঘটনাটো প্ৰকৃত সত্য পোহৰলৈ আহিব।

 সম্প্ৰতি মৃত অনু বৰুৱাৰ দুই পুত্ৰ আৰু দুয়োগৰাকী বোৱাৰীক বৰ্তমান জয়সাগৰ আৰক্ষীয়ে আটক কৰি সোধ পোছ চলাই আছে।