শীঘ্ৰে মিজোৰামৰ আৰক্ষী বিভাগৰ আধুনিকিকৰণ কৰা হ’ব : আৰক্ষী সঞ্চালক প্ৰধান

balaji-srivastava

মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান বালাজি শ্ৰীবাস্তৱ

মিজোৰাম চৰকাৰে ৰাজ্যখনৰ আৰক্ষী বিভাগৰ আধুনিকিকৰণৰ বাবে বহুকেইটা পদক্ষেপ হাতত লৈছে বুলি জানিবলৈ দিছে মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান বালাজি শ্ৰীবাস্তৱে।

যোৱা ফেব্ৰুৱাৰিত দায়িত্বভাৰ গ্ৰহণ কৰা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংমাদ মাধ্যমৰ ব্যক্তিৰ সৈতে হোৱা এক বৈঠকত এই কথা জানিবলৈ দিয়ে।

মিজোৰামৰ জনসাধাৰণক শিক্ষিত আৰু আইন মানি চলা লোক অভিহিত কৰি তেওঁ কয় যে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি যথেষ্ট সন্তোষজনক।

আনহাতে আন ৰাজ্যৰ কৌশল অৱলম্বন কৰাৰ পৰিৱৰ্তে তেওঁ ৰাজ্যখনৰ আৰক্ষী বিভাগটোক নিজাববীয়া ধৰণে কিছু সংস্কাৰ কৰিব বিচাৰে বুলি উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি বাহাল ৰখাৰ স্বাৰ্থত সংমাদ মাধ্যমক আৰক্ষী বিভাগৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য ফেব্ৰুৱাৰিত মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰীবাস্তৱ দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।