আজিৰে পৰা গুৱাহাটীত মুকলি হ’ব ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়

Bhutan-Consulate-General-Office-in-Guwahati-570x320

শুকুৰবাৰে গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় মুকলি হোৱাৰ লগে লগে ভাৰত-ভূটান সম্পৰ্কৰ দিশত এক নতুন অধ্যায়ৰ সূচনা হ’ব।

গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয় মুকলিৰ জৰিয়তে ভূটান সাম্ৰাজ্যৰ লগত পূৰ্বৰে পৰা থকা বিশেষকৈ অসমৰ আৰু সাধাৰণভাৱে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্কত বাবে এক মাত্ৰা প্ৰদান কৰিলে।

ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়টো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ অসমৰ ৰাজধানী চহৰখনৰ পাঞ্জাবাৰীত মুকলি কৰা হ’ব।

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে এই মুকলি অনুষ্ঠানটোৰ বাবে ইতিমদ্যে আহি মহানগৰীত উপস্থিত হৈছে।

শুকুৰবাৰে ভূটানৰ বাণিজ্যদূত প্ৰধানৰ  কাৰ্যালয় মুকলি অনুষ্ঠানৰ বাবে ভূটানৰ প্ৰতিনিধি দলৰ এটা বৃহৎ বাহিনী হোটেল তাজ ভিভান্টাত বাহৰ পাতি আছে।

উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও সতীৰ্থ মন্ত্ৰী, শীৰ্ষ বিষয়া সমন্বিতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।

বৈদেশিক পৰিক্ৰমা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো এই উপলক্ষে আহি মহানগৰীত উপস্থিত হৈছে।

ভূটানৰ বাণিজ্য দূতৰ কাৰ্যালয় গৃহটো সুন্দৰকৈ সজাই তোলা হৈছে। কাৰ্যালয়টোত চুবুৰীয়া ৰাষ্ট্ৰখনৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন আটোমটোকাৰীকৈ সজোৱা হৈছে।

ভূটানৰ বাণিজ্যদূতৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ আগমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ভূটান পৰম্পৰাগতভাৱে বিৰল প্ৰাকৃতিক সম্পদেৰে চহকী। এইবোৰ যদি অসমে আইনগতভাৱে কৰ্ষণ কৰিব পাৰে তেতিয়াহ’লে ভূটানৰ লগতে অসমো উপকৃত হ’ব। এইক্ষেত্ৰত ভূটানৰ বাণিজ্য দূত প্ৰধানৰ কাৰ্যালয়টোৱে সেতু হিচাপে কা কৰিব।

ভাৰত-ভূটান সম্পৰ্কৰ ৫০ বছৰ উপলক্ষে গুৱাহাটীত ভূটানৰ বাণিজ্যদূত প্ৰধানৰ কাৰ্যালয়টো মুকলি কৰা হ’ব। এই কাৰ্যালয়টোৱে ভূটান-ভাৰত সীমান্তৰে ভ্ৰমণ বাবে অহা ভূটীয়া লোকসকলে সন্মুখীন হোৱা অসুবিধাসমূহো দূৰ কৰিব।