শ্বিলঙৰ মতফ্ৰান আৱাসিক এলেকাত আৰম্ভ হোৱা এজন খাছী ল’ৰা আৰু এগৰাকী পাঞ্জাবী মহিলাৰ মাজৰ সামান্য তৰ্ক-বিতৰ্কই অৱশেষত সমগ্ৰ শ্বিলঙক জোঁকাৰি যোৱা হিংসাত্মক ঘটনাটোৰ ৰূপ লৈছে। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে এগৰাকী মহিলাই এটা টেপৰ পৰা পানী লৈ থকা অৱস্থাত ওচৰতে ৰৈ থকা বাছ এখনক তাৰ পৰা আঁতৰি যোৱাৰ বাবে সংকেত দিছিল। বাছখন আঁতৰি নোযোৱাত মহিলাগৰাকীয়ে বাছখনলৈ বুলি শিলগুটি মাৰি পঠিয়ায়।
তাৰ পাছত মহিলাগৰাকী কিছু সময়ৰ পাছত উভতি আহি পুনৰ আক্ৰমণাত্মক হৈ পৰে। লগে লগে কাজিয়া গৈ বাছ চালকৰ দল আৰু সেই ঠাইৰ বাসিন্দাসকলৰ মাজৰ খণ্ডযুদ্ধলৈ পৰিৱৰ্তিত হৈ পৰে। ছ’চিয়েল মেডিয়াত এই বাতৰি বিয়পি পৰাৰ লগে লগে বনজুইৰ দৰে বিয়পি পৰে হিংসাত্মক ঘটনাৰ পৰিধি। ক্ৰমে ক্ৰমে এটা সৰু আৱাসিক এলেকাৰ পৰা বাঢ়ি গৈ হিংসাত্মক ঘটনাই শ্বিলঙৰ ১৪টা অঞ্চললৈ বিস্তৃতি লাভ কৰে।
জানিব পৰা মতে বৃহস্পতিবাৰে আবেলি বাছ চালক আৰু মতফ্ৰান এলেকাৰ বাসিন্দাসকলৰ মাজৰ মতানক্যৰ পাছত শুকুৰবাবে আবেলি মতফ্ৰান আৰু মাওখাৰ এলেকাত দুয়োটা দলৰ মাজত শিল নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল।
হিংসাত্মক ঘটনা বিয়পি যোৱাত বাধা দিয়াৰ বাবে প্ৰশাসনে শ্বিলঙত মোৱাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে চহৰখনৰ ১৪টা আৱাসিক এলেকাত সান্ধ্য আইন জাৰী কৰে।
সান্ধ্য আইন জাৰী কৰা এলেকাসমূহ হৈছে জাইয়াও, মাওখাৰ, উমছোহছুন, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যন, মাওপ্ৰেম, লুমদেইংজ্ৰি, লামা ভিলা, ক্বালাপট্টি, ৱাহথাপব্ৰু, ছানি হিলছ, কেণ্টনমেণ্ট আৰু মাওলং হাট।
লগতে মাওখাৰ, জাইয়াও, মাওখাৰ, ৰাইটছামথিয়াহ, ৱাহংদহ, মিশ্যনৰ মুখিয়ালসকল আৰু এই এলেকাসমূহৰ জ্যেষ্ঠ নাগৰিকসকল আৰু ঘটনাত জড়িত হৈ পৰা যুৱকজনৰ সৈতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে ছাংমা, গৃহ মন্ত্ৰী জেমছ চাংমা, স্বাস্থ্য মন্ত্ৰী এ এল হেক, পৰ্যটন মন্ত্ৰী মেতবাহ লিংডো, ক্ৰীড়া মন্ত্ৰী বান্তেইডোৰ লিংডো আৰু এলবাৰ্ট নংগ্ৰুমে মেঘালয় সচিবালয়ৰ এখন সভা অনুষ্ঠিত কৰে। এই সভাত উত্তৰ শ্বিলং সমষ্টিৰ অন্তৰ্গত মতফ্ৰান আৰু ইয়াৰ আশ-পাশৰ এলকাসমূহৰ অইন-কানুনগত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।
চৰকাৰ আৰু ৰাইজৰ প্ৰতিনিধিসকলৰ মাজত এলেকাসমূহৰ আইন-কানুনজনিত অৱস্থাৰ এটা ইতিবাচক সিদ্ধান্তত উপস্থিত হোৱাৰ পাছত এলেকাসমূহৰ মুখিয়ালসকলে চৰকাৰক স্থানীয় বাসিন্দাসকল বাস কৰা স্থানৰ পৰা আৰক্ষীৰ লোক ততালিকে আঁতৰাই নিবলৈ অনুৰোধ জনায়।
মুখ্য মন্ত্ৰীয়ে কয় যে সংশ্লিষ্ট বিভাগৰ পৰা এই এলেকাসমূহৰ শেহতীয়া পৰিস্থিতি উন্নত হোৱা বুলি বাৰ্তা লাভ কৰাৰ পাছতেই সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হ’ব।
এলেকাৰ মুখিয়ালসকলে চৰকাৰক আশ্বাস দিয়ে যে তেওঁলোকে এই এলেকাসমূহলৈ সাধাৰণ অৱস্থা ঘূৰাই অনাৰ বাবে যথা সম্ভৱ সহায়তা আগবঢ়াব।