মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই দৃঢ়তাৰে প্ৰকাশ কৰিছে যে শ্বিলৰ আৱাসিক এলেকাসমূহত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা অপশক্তিক চৰকাৰে চিনাক্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ কৈছে যে শ্বিলঙৰ উপকণ্ঠীয় এলেকাসমূহৰ পৰা অহা যুৱকসকলক দামী মদ আৰু ধন দি আৱাসিক এলেকাসমূহত অশান্তি বিয়পোৱাৰ বাবে এচাম ন্যস্তস্বাৰ্থজড়িত মহলে চেষ্টা কৰাৰ তথ্য পোহৰলৈ আহিছে।
সাংবাদিকৰ আগত মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ”কিছুসংখ্যক লোকে এই অশান্তিজৰ্জৰ অৱস্থা সৃষ্টি কৰাৰ বাবে দামী মদ আৰু ধনৰ যোগান ধৰিছে।” তেওঁ আৰু কৈছে যে দেওবাৰে তেওঁ এই বিষয়টো আলোচনা কৰাৰ বাবে আৰক্ষী আৰু অন্যন্য বিষয়াসকলৰ সৈতে এখন উচ্চস্তৰীয় সভাত মিলিত হৈছে। মুখ্য মন্ত্ৰীগৰাকীৰ মতে গ্ৰেপ্তাৰ হোৱা কেইগৰাকীমান যুৱকে স্বীকাৰ কৰিছে যে হিংসাত্মক ঘটনাৰ সৃষ্টি কৰাৰ বাবে তেওঁলোকক দামী মদ আৰু ধন দিয়া হৈছিল।
আৰক্ষীৰ বিশ্বাস যে শ্বিলঙৰ ৰাজপথত আন্দোলনকাৰী বেছিভাগ যুৱকেই পশ্চিম খাছী পাহাৰ আৰু চহৰৰ উপকণ্ঠীয় এলেকাৰ পৰা আহিছে।
মুখ্য মন্ত্ৰী চাংমাই শ্বিলঙৰ বিভিন্ন এলেকাৰ মুখীয়ালসকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ পৰা প্ৰতিবাদকাৰীসকল শ্বিলঙৰ অন্তৰ্গত এলেকাসমূহৰ বাসিন্দা নহয় বুলি প্ৰতীয়মান হোৱাৰ পাছত প্ৰকাশ কৰিছে যে বিষয়টো সন্দৰ্ভত বিতংকৈ অনুসন্ধানৰ প্ৰয়োজন আছে।
মুখ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে মদ আৰু ধন দি শ্বিলঙৰ ৰাজপথত হিংসাত্মক পৰিস্তিতিৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কংগ্ৰেছ দলৰ ৰাজনৈতিক কৰ্মী চৰকাৰক অস্থিৰ কৰি তোলাৰ ঘটনাত জড়িত আছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী চাংমাই কয় যে তেওঁ এই বিষয়ত কোনো মন্তব্য কৰিব নিবিছাৰে।
এটা ৰাজনৈতিক দৃষ্টিকোণৰ বিষয়ে প্ৰশ্ন কৰাৰ পাচত তেওঁ কয় যে স্বাভাৱিকতেই ৰাজনীতিৰ সৈতে জড়িতসকলে এনে এটা ঘটনাৰ সুবিধা ল’বৰ চেষ্টা কৰাটো সম্ভৱপৰ।
তেওঁ আৰু কয় যে আন্দোলনকাৰীসকলৰ সৈতে মোকাবিলা কৰাৰ সময়ত আৰক্ষীয়ে সংযম ৰক্ষা কৰিছে।