• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘শ্ৰীময়ী অসমী’ৰ স্ৰষ্টা, সংগীত সাধক পুৰুষোত্তম দাসৰ মৃত্যু দিৱস পালন; গোকুল পাঠকলৈ ‘তাঁতীকুছি’ বঁটা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 20, 2018 10:07 pm
Barpeta purusuttam Das
268
VIEWS
Share on FacebookShare on Twitter

অসমৰ লোক সংগীতক জগত সভাত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাটকটীয়া প্ৰবাদ পুৰুষ তথা অসমৰ সংগীত জগতৰ পুৰোধা পুৰুষোত্তম দাসৰ আজি ২৪ সংখ্যক মৃত্যু তিথি উপলক্ষে বৰপেটা চহৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৃতি দিৱস আয়োজন কৰে।

সত্ৰনগৰী বৰপেটাত জন্ম গ্ৰহণ কৰা এইগৰাকী ক্ষণজন্মা পুৰুষে ১৯৮৪ চনৰ ২০ জুনত মৃত্যুবৰণ কৰে। পুৰুষোত্তম দাসৰ স্মৃতিত আজি বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰংঘৰে ‘ৰিক্ত হ’লেও মুক্তজনৰ কপালত ৰঙা চন্দন’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠান উপলক্ষে ৰংঘৰ প্ৰাংগনৰ পৰা আজি সন্ধিয়া বৰপেটা চহৰৰ বিভিন্ন প্ৰান্তেৰে এক সাংস্কৃতিক পৰিভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইপিনে সংগীত সাধকজনাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক-সামাজিক অনুষ্ঠান তাঁতীকুছিয়ে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বৰপেটা সত্ৰত ভকত সেৱা কৰাৰ পিছতে পুৱা পতাকা উত্তোলন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

এই অনুষ্ঠানতে ‘বৰপেটা সত্ৰৰ ইতিহাস’ প্ৰণেতা শিল্পী-সাহিত্যিক গোকুল পাঠকক তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে এই অনুষ্ঠান মুকলি কৰে।

আনহাতে ইয়াৰ লগতে অনুষ্ঠিত মুকলি সভাত মুখপত্ৰ ‘তাঁতীকুছি’ উন্মোচন কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্য অতিথি আৰু শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত প্ৰয়াত অবলা বালা দাসৰ সোঁৱৰণত তোলনী বিয়াৰ গীত প্ৰতিযোগিতা আৰু বিয়লি ডম্বৰুধৰ দাস আৰু ভাগ্যবালা দাসৰ সোঁৱৰণত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকে বন্তি প্ৰজ্বলন কৰাৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

Recent News

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd