অসমৰ লোক সংগীতক জগত সভাত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাটকটীয়া প্ৰবাদ পুৰুষ তথা অসমৰ সংগীত জগতৰ পুৰোধা পুৰুষোত্তম দাসৰ আজি ২৪ সংখ্যক মৃত্যু তিথি উপলক্ষে বৰপেটা চহৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৃতি দিৱস আয়োজন কৰে।
সত্ৰনগৰী বৰপেটাত জন্ম গ্ৰহণ কৰা এইগৰাকী ক্ষণজন্মা পুৰুষে ১৯৮৪ চনৰ ২০ জুনত মৃত্যুবৰণ কৰে। পুৰুষোত্তম দাসৰ স্মৃতিত আজি বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰংঘৰে ‘ৰিক্ত হ’লেও মুক্তজনৰ কপালত ৰঙা চন্দন’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে।
এই অনুষ্ঠান উপলক্ষে ৰংঘৰ প্ৰাংগনৰ পৰা আজি সন্ধিয়া বৰপেটা চহৰৰ বিভিন্ন প্ৰান্তেৰে এক সাংস্কৃতিক পৰিভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।
ইপিনে সংগীত সাধকজনাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক-সামাজিক অনুষ্ঠান তাঁতীকুছিয়ে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বৰপেটা সত্ৰত ভকত সেৱা কৰাৰ পিছতে পুৱা পতাকা উত্তোলন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।
এই অনুষ্ঠানতে ‘বৰপেটা সত্ৰৰ ইতিহাস’ প্ৰণেতা শিল্পী-সাহিত্যিক গোকুল পাঠকক তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে এই অনুষ্ঠান মুকলি কৰে।
আনহাতে ইয়াৰ লগতে অনুষ্ঠিত মুকলি সভাত মুখপত্ৰ ‘তাঁতীকুছি’ উন্মোচন কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্য অতিথি আৰু শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত প্ৰয়াত অবলা বালা দাসৰ সোঁৱৰণত তোলনী বিয়াৰ গীত প্ৰতিযোগিতা আৰু বিয়লি ডম্বৰুধৰ দাস আৰু ভাগ্যবালা দাসৰ সোঁৱৰণত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
সন্ধিয়া ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকে বন্তি প্ৰজ্বলন কৰাৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।