সংখ্যালঘু এলেকাত ৰামসেনাৰ ৰাম মন্দিৰ : জতুগৃহৰ আখৰা

RamSena

দিচপুৰ প্ৰেছক্লাবত অনুষ্ঠিত ৰামসেনাৰ সাধাৰণ সভাৰ দৃশ্য।

অসমীয়া জাতীয়তাবাদী শক্তিৰ থেৰোঁ-গেৰোঁ মনোভাব আৰু দুৰ্বল, অদূৰদৰ্শী কাম-কাজে খাল কাটি ঘঁৰিয়াল চপাই অনাৰ দৰে আগ্ৰাসী, সৰ্বভাৰতীয় হিন্দুত্ববাদী শক্তিক আত্মপ্ৰতিষ্ঠাৰ সুৰুঙা উলিয়াই দিছিল আৰু সেই সুৰুঙাৰ সদ্ব্যৱহাৰ কৰি এই শক্তিয়ে গোজেই গছ হৈ, বিৰাট মহীৰূহত পৰিণত হৈ, ডালে-পাতে অসম আকাশ ছানি তাক ছায়াচ্ছন্ন কৰি তোলাৰ তীব্ৰ প্ৰয়াস চলাইছে।

অসমৰ সমাজৰ চিৰাচৰিত ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰমূল্য আৰু প্ৰতিষ্ঠান, আচাৰ আৰু পৰম্পৰা, অভ্যাস আৰু অনুশীলনবোৰক প্ৰত্যাহ্বান নিদিয়াকৈ আৰু প্ৰত্যাখ্যান নকৰাকৈ হিন্দুত্ববাদ অসমত সফল হ’ব নোৱাৰে। সংঘাত আৰু সমন্বয়ৰ, গ্ৰহণ আৰু বৰ্জনৰ স্বাভাৱিক-দ্বান্দ্বিক-ঐতিহাসিক প্ৰক্ৰিয়াৰ নানান স্তৰৰ মাজেদি, নানান পৰীক্ষাৰ মাজেদি, নানান প্ৰত্যাহ্বানৰ মাজেদি নিৰ্মীয়মাণ অসমীয়া জাতি সময়-নদীৰ বুকুৱেদি আহি আজিৰ ঘাটত উপনীত হৈছে আৰু ঐক্য-মৈত্ৰীৰ আধাৰত জাতি-নিৰ্মাণ সম্পূৰ্ণ আৰু সমৃদ্ধ কৰাৰ সপোন দেখিছে।

কিন্তু, সৌ সিদিনালৈ অসমৰ সমাজৰ বাবে অচিন কাঠৰ থোৰা, অজীণপাতকী হিন্দুত্ববাদ যেতিয়া এচাম প্ৰাক্তন জাতীয়তাবাদী আৰু এচাম প্ৰাক্তন গান্ধী-নেহৰুবাদীয়ে পাৰি দিয়া ৰঙা দলিচাৰ ওপৰেদি সদল-বলে অসমৰ বৰঘৰলৈ সোমাই আহিল, তেতিয়াই অসমীয়া ভাষা-সংস্কৃতি অধিক বিপদাপন্ন হ’ল, অসমৰ সমাজ-জীৱনৰ মূল জঁকাটো মৰ-মৰাই ভাগিবলৈ ধৰিলে। ছেবাৰ অধীনস্থ অসমীয়া মাধ্যমৰ বিদ্যালয় চি বি এছ ইৰ অধীনস্থ ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ গুণগুণনি শুনা গ’ল; শিক্ষকৰ ৰাজহুৱা অপমানৰ যোগেদি চৰকাৰী, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ বিৰাগ ভাব বঢ়োৱাৰ প্ৰয়াস কৰা দেখা গ’ল; অসমীয়াৰ প্ৰাণসখা চিৰিলুইতক ‘নমামি’ৰ যোগেদি দূৰৰ দেৱতা হিচাপে প্ৰতিষ্ঠা কৰিব খোজা হ’ল; শংকৰদেৱক হিন্দুত্ববাদী গুৰুজীৰূপে আৰু লাচিতক মুছলিমৰ সৈতে যুঁজা হিন্দুবীৰ হিচাপে প্ৰতিষ্ঠা কৰিব খোজা হ’ল; অসমৰ সাংস্কৃতিক মঞ্চৰ পৰা আজান ফকীৰক নমাই দিব খোজা হ’ল; বিদেশী, অবৈধ বাংলাদেশীক হিন্দু আৰু মুছলিমত ভাগ কৰি খেনোৰ বাবে ৰন্ধা-বঢ়া, খেনোৰ বাবে দুৱাৰ বন্ধাৰ পৰিকল্পনা কৰা হ’ল;  সমূহ অসমবাসীয়ে তিনি দশক ধৰি মানি অহা ‘অসম চুক্তি নামানো’ বুলি নয়া-হিন্দুত্ববাদীৰ মুখেৰে কোৱাই-গোৱাই থকা হ’ল; সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকী আৰু চৰকাৰী পৰিচালনাৰে উন্নীত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সন্দেহৰ বাতাৱৰণ ৰচনা কৰা হ’ল আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ যোগেদি অসমীয়াভাষীক অসমতে সংখ্যালঘু কৰি অসমীয়া ভাষিক জাতীয়তাবাদক নিঃশেষ কৰিব খোজা হ’ল।

এই প্ৰক্ৰিয়াৰ অংশস্বৰূপেই যোৱা ২৭ মে’ তাৰিখ দেওবাৰে দিচপুৰ প্ৰেছ ক্লাবত ‘ৰামসেনা’ নামৰ নমাহ বয়সৰ এক সংগঠনে ঘোষণা কৰিলে যে ২০২২ চনৰ ভিতৰত অসমৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত তেওঁলোকে ভালেকেইটা ৰাম-মন্দিৰ নিৰ্মাণ কৰিব। তেওঁলোকৰ মতে হিন্দুধৰ্মী মানুহ আজি অস্তিত্বৰ সংকটত পৰিছে আৰু সেয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰা প্ৰয়োজন! তদুপৰি জাতি থাকিলেহে হেনো ভাষা আৰু সংস্কৃতি থাকিব আৰু আমাৰ পৰিচয় হেনো প্ৰথমে হিন্দু, তাৰ পিছত অসমীয়া আৰু তাৰ পিছতহে ভাৰতীয়।

এই হঠকাৰী পদক্ষেপৰ অন্তৰালৰ কাৰ্য-কাৰণ আৰু সম্ভাব্য পৰিণাম গমি-পিটি চোৱা দৰকাৰ। যদিও সকলো হিন্দু লোকৰ বাবে ৰাম এক পূজ্য পুৰুষ নাইবা অৱতাৰ, তথাপি অসমৰ হিন্দুসকলৰ মাজত ৰামৰ আনুষ্ঠানিক পূজা এক অচিন বস্তু। অসমত ব্ৰাহ্মণ্য হিন্দুধৰ্মৰ উপাসনাস্থলী হিচাপে শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, কালী মন্দিৰ আদি সুলভ; আজি-কালি গণেশ মন্দিৰ, হনুমান মন্দিৰ আদিও কিছু কিছু দেখা যায়। কিন্তু, ৰাম-মন্দিৰ অসমত একেবাৰেই দুৰ্লভ। উত্তৰ ভাৰতৰ কোনো কোনো ৰাজ্যত হোৱাৰ দৰে অসমত ৰাম-নৱমী অনুষ্ঠিত নহয়। (অলপতে ৰাম-নৱমীৰ অচিলা লৈ বিহাৰ আৰু পশ্চিমবংগত ঘটোৱা সাম্প্ৰদায়িক দাংগাৰ কথা আমি নিশ্চয় পাহৰা নাই।) অৰ্থাৎ ৰাম-পূজা অসমৰ সমাজ-সংস্কৃতিত নাই। তেন্তে ৰামক লৈ নিৰ্মিত হিন্দুত্ববাদী (যাৰ সনাতন হিন্দু দৰ্শনৰ সৈতে কোনো সম্পৰ্ক নাই) বাগধাৰা অসমলৈ আমদানি কৰিব বিচৰা হৈছে কিয়? দেখ দেখকৈ ই হৈছে অযোধ্যাৰ ৰাম-জনমভূমি বনাম বাবৰি-মছজিদক লৈ নিৰ্মিত সুদীৰ্ঘ আৰু পৰিকল্পিত সাম্প্ৰদায়িক ৰাজনীতি অসমলৈ সম্প্ৰসাৰণ কৰি, অসমৰ ধৰ্ম-নিৰপেক্ষ বাতাৱৰণ ধ্বংস কৰি, অসমীয়া জাতিসত্ত্বাৰ বুকুত ডেগাৰ বহুৱাবৰ বাবে কৰা এক কুপ্ৰয়াস।

কোৱা হৈছে যে হিন্দুধৰ্মী লোক অস্তিত্বৰ সংকটত। কেনেকৈ? মুছলমানৰ সংখ্যাবৃদ্ধিৰ বাবে? এটা পৰিসংখ্যা দিওঁ: ১৯৪৮ চনত ভাৰতত মুছলিম আছিল ১২.৬% আৰু ২০১১ চনৰ লোকপিয়ল মতে বৰ্তমান আছে ১৪.১%। অৰ্থাৎ ৬৩ বছৰত মুছলিম লোকৰ সংখ্যাবৃদ্ধি হৈছে ১.৫%কৈ । এই হাৰেৰে প্ৰায় ৮০% হিন্দুৰ সংখ্যাক অতিক্ৰম কৰিবলৈ তেওঁলোকক কিমান শতাব্দীৰ দৰকাৰ হ’ব হিচাপ কৰক। গতিকে হিন্দুৰ অস্তিত্বৰ সংকট কেনে এক ভুৱা উপাখ্যান ভাবক। আচলতে সদৌ বিশ্বতে স্বীকৃত কথাটো এই যে সন্তানৰ সংখ্যাবৃদ্ধিৰ কাৰণ হৈছে অশিক্ষা আৰু দাৰিদ্ৰ্য। মুছলিমৰ যি সামান্য হাৰৰ সংখ্যাবৃদ্ধি তাৰ এইহে কাৰণ। একে কাৰণতে অনুসূচিত জনজাতিৰ সংখ্যাও ১৯৪৮ চনৰ ৭.৫%-ৰপৰা বাঢ়ি ২০১১-ত ৮.৫% হৈছেহি।

নে হিন্দুৰ অস্তিত্বৰ সংকটৰ কাৰণ সংখ্যাগত নহৈ আধ্যাত্মিকহে? মানে হিন্দুৰ মাজত ৰামৰ প্ৰতি ভক্তিৰ অভাৱেই কি হিন্দুক অস্তিত্বৰ সংকটত পেলাইছে? সেয়াই যদি হয়, তেন্তে সংখ্যালঘু অধ্যুষিত জেগাত ৰাম-মন্দিৰ কিয় লাগে? আচল কথা এইহে যে ৰাম-মন্দিৰৰ যোগেদি মুছলিমক চাপত ৰাখিব লাগে, উত্তেজিত কৰিব লাগে। মুছলিমে যদি তেওঁলোকৰ অঞ্চলত ৰাম-মন্দিৰ নিৰ্মাণক লৈ কিবা ‘উল্টা-পাল্টা’ কয়, তেন্তে ‘ভাৰতত হিন্দুৱে ৰাম-মন্দিৰ নিৰ্মাণৰ অধিকাৰো নাপায় নেকি’ বুলি প্ৰশ্ন কৰি সাম্প্ৰদায়িক জুই জ্বলোৱাৰ চেষ্টা কৰা হ’ব। তদুপৰি সংখ্যালঘুসকলক প্ৰতীকীভাৱে ৰামৰ প্ৰতিমুখে ৰাৱণ বা ৰাক্ষসকূল হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসো সংখ্যালঘু-অধ্যুষিত ঠাইত ৰাম-মন্দিৰ নিৰ্মাণৰ এটা প্ৰেৰণা।

তেওঁলোকে কৈছে যে জাতি বাচিলেহে ভাষা আৰু সংস্কৃতি বাচিব। ইংগিতটো এই যে মুছলমানৰ সংখ্যা বহুত বেছি বাঢ়ি গ’লে আৰু হিন্দুৰ সংখ্যা কমি গ’লে অসমীয়া জাতি নাথাকে আৰু সেইবাবে অসমীয়া ভাষা-সংস্কৃতিও নাথাকে। ই এক অসাধাৰণ ভ্ৰম। কোনো আধুনিক জাতিৰ আধাৰ ধৰ্ম নহয়, জাতিৰ আধাৰ ভাষা-সংস্কৃতিহে আৰু কিছুমান ক্ষেত্ৰত একোটা নিৰ্দিষ্ট ভূখণ্ডহে। গতিকে ভাষা-সংস্কৃতি বাচিলেহে জাতি বাচিব, তেহেলৈ সেই জাতিৰ মানুহৰ ধৰ্ম যিয়েই নহওক কিয়। কিন্তু, হিন্দু সেনাই বুজাব খুজিছে যে অসমীয়া এক হিন্দু জাতি! সেয়ে তেওঁলোকৰ মতে আমি প্ৰথমে হিন্দু, তাৰ পিছতহে অসমীয়া। এইখিনিতে হিন্দুৰ অস্তিত্বক লৈ চিন্তিতসকলৰ দুশ্চিন্তাময় মস্তিষ্কক আমি নিৰ্ভাৰ কৰিব খোজোঁ এইকথাৰে যে পৃথিৱীত আজিকোপতি ধৰ্মৰ মৃত্যু হোৱা নাই; ভাষা কিন্তু নাইকিয়া হ’ল হাজাৰ-বিজাৰ।

গতিকে দেখা গ’ল যে সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰাম-মন্দিৰ নিৰ্মাণৰ আঁচনি আচলতে অসমীয়া জাতিসত্ত্বাক, অসমীয়া সমাজক, অসমীয়া সংস্কৃতিক বিপন্ন কৰাৰহে প্ৰয়াস। সমূহ অসমবাসীৰ বাবে ই হ’ব জতুগৃ্হস্বৰূপ। অসমৰ গণতান্ত্ৰিক আৰু জাতীয়তাবাদী মহলে শকুনি-দুৰ্যোধনৰ জতুগৃ্হ-নিৰ্মাণৰ আখৰা ব্যৰ্থ কৰিবই লাগিব।

শিৱজিত দত্ত, লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক