সদৌ অসম গাঁওবুঢ়া সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিভিন্ন সমস্যা সন্দৰ্ভত বৈঠক

সদৌ অসম গাঁওবুঢ়া সন্থাৰ বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ জিলা সমিতিৰ কাৰ্যালয়ত আজি এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
উক্ত সভাত বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়াৰ লগতে ৩৫৪ খন ৰাজহ গাঁৱৰ গাঁওবুঢ়া সকলে অংশগ্ৰহণ কৰে। সভাৰ মজিয়াত গাঁওবুঢ়া সকলে বিভিন্ন সময়ছোৱাত সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত আৰু অভাৱ-অভিযোগ সম্পৰ্কে আলোচনা কৰা হয়।
উল্লেখ্য যে সভাৰ মাজতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত হৈ সভাৰ উদ্দেশ্য সম্পৰ্কে অৱগত হৈ আলোচনাত মিলিত হয়। এই সভাৰ জৰিয়তে সদৌ অসম গাঁওবুঢ়া সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে মন্ত্ৰী ৰঞ্জিত দত্তক গাঁওবুঢ়া সকলৰ সমস্যা আৰু বিভিন্ন অভাৱ-অভিযোগৰ বিষয়ে অৱগত কৰে।
বিশেষকৈ বিশ্বনাথ জিলা গাঁওবুঢ়া সন্থাৰ কাৰ্যালয়ত সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় এটা কমিউনিটি হল ( ৰাজহুৱা ভৱন )ৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি এখনি স্মাৰক পত্ৰ কেবিনেটৰ মন্ত্ৰী গৰাকীক প্ৰদান কৰে। আনহাতে মন্ত্ৰী গৰাকীয়ে গাঁওবুঢ়া সকলৰ সমস্যা সমুহ নিৰ্মূল কৰাত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে।