সন্ত্ৰাসবাদকে ধৰি সকলো হিংসাৰ বিৰুদ্ধে যুঁজাৰ সংকল্পেৰে মাজুলীত প্ৰশাসনৰ সন্ত্ৰাসবাদ বিৰোধী দিৱস

Anti terrorist day at Majuli

দেশৰ আন আন প্ৰান্তৰ লগতে মাজুলী জিলাতো আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয়। প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুৰ তাৰিখৰ সৈতে সংগতি ৰাখি চৰকাৰীভাৱে পালন কৰা এই দিৱস উপলক্ষে আজি জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীয়ে সন্ত্ৰাসবাদ তথা সকলো ধৰণৰ হিংসাৰ বিৰুদ্ধে যুঁজাৰ সংকল্প গ্ৰহণ কৰে।

পুৱা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীক অহিংসা, সহিষ্ণুতাৰ ভাৰতীয় পৰম্পৰা অক্ষুন্ন ৰাখি সমাজত শান্তি সমন্বয় স্থাপনৰ শপত বাক্য পাঠ কৰায়।

আনহাতে মাজুলী জিলা আৰক্ষী বিভাগেও আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মাজুলী আৰক্ষী অধীক্ষকৰ সভাপতিত্বত অনুষ্ঠিত সংকল্প গ্ৰহন অনুষ্ঠানত জিলাখনৰ আৰক্ষী বিষয়া আৰু কৰ্মচাৰী সকলে হিংসা আৰু সন্ত্ৰাস প্ৰতিৰোধৰ লগতে মানৱীয় প্ৰমুল্যৰ আধাৰত শান্তিপূৰ্ণ সমাজ গঠনত সৰ্বদা সেৱা আগবঢ়াই যোৱাৰ অংগীকাৰ লয়।

বিয়লিলৈ জিলা আৰক্ষী বিভাগে কমলাবাৰীৰ মিলন সংঘত এই দিৱস উপলক্ষে এখন জনসভাৰো আয়োজন কৰি সকলো ধৰণৰ হিংসা সন্ত্ৰাসৰ বিৰুদ্ধে থিয় দি বিভেদকামী শক্তি আৰু সন্ত্ৰাসবাদক প্ৰতিহত কৰাত আগভাগ লবলৈ ৰাইজক উৎসাহিত কৰে।

সভাত মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, উপ আৰক্ষী অধীক্ষক দ্বীপজ্যোতি তালুকদাৰসক জ্যেষ্ঠ আৰক্ষী বিষয়াবৰ্গ, ভালেসংখক জ্যেষ্ঠ নাগৰিক, সাংবাদিক, স্থানীয় নাগৰিক, সমাজৰ প্ৰতিনিধি সকলে অংশ গ্ৰহণ কৰে ।