সাংবাদিকৰ মুকলি বিহুত ‘মাডাৰ বৃদ্ধাবাস’লৈ সমন্বয় বঁটা

haidor

জীৱনৰ বিয়লি বেলাত আপোনজনে দূৰতে বিদূৰ কৰা লোক সকলক শান্তিৰে থাকিবলৈ স্নেহছায়া প্ৰাদান কৰা গুৱাহাটীৰ পৰিচিত বেচৰকাৰী সামাজিক সংস্থা ‘মাডাৰ বৃদ্ধাৱাসে’ সমাজ জীৱনলৈ আগবঢ়োৱা অসামান্য সেৱাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ‘সমন্বয় বঁটা’।

উল্লেখযোগ্য যে দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত অনুষ্ঠিত সাংবাদিকৰ মুকলি বিহুত ৰাজ্যৰ ভালেকেইগৰাকী সাংবাদিক তথা বিশিষ্ট ব্যক্তিৰ  উপস্থিত মাডাৰ বৃদ্ধাৱাসৰ হৈ বঁটাটো গ্ৰহণ কৰে সংস্থাটোৰ সভাপতি উৎপল হৰ্ষবৰ্ধন আৰু সম্পাদিকা মণিকা দেৱীয়ে।

বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে মাদাৰ বৃদ্ধাৱাস কৰ্তৃপক্ষক এটি বঁটা, এখন মানপত্ৰ , নগদ ধন আৰু এজোপা নিম গছ সহ এই বঁটা প্ৰদান কৰে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ মুকলি বিহু উদযাপনত এই সমন্বয় বঁটা আগবঢ়োৱা হৈছে মাডাৰ বৃদ্ধাৱাসক।

জাকজমকীয়া এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, প্ৰখ্যাত শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাকে আদি কৰি ৰাজ্যখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰি বহু ৰাইজ উপস্থিত আছিল।

আনহাতে বঁটা গ্ৰহণ কৰি ‘মাডাৰ বৃদ্ধাবাস’ৰ সম্পাদক উৎপল হৰ্ষবৰ্ধনে কয়— ‘আত্মীয়- স্বজনে পৰিত্যাগ কৰা বৃদ্ধ লোকসকলক এখন ঘৰ দিয়াৰ চেষ্টা কৰি আহিছো ‘মাডাৰ বৃদ্ধাবাস’ নামৰ মঞ্চখনৰ জৰিয়তে। ইয়াত কিমান সফল হৈছো সেয়া সময়ে বিচাৰ কৰিব। বৃদ্ধাৱাসত থকা আৱাসী সকলৰ মুখত হাঁহি বিৰিঙাই তোলাটোৱে আমাৰ একমাত্ৰ আৰু প্ৰাথমিক কৰ্তব্য।‘