সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা ৰাজনৈতিক দলৰ পৰা ভোটাৰক সতৰ্ক থকাৰ আহ্বান নাগালেণ্ড বেপ্তিষ্ট চাৰ্চ্চ কাউন্সিলৰ

nbcc nagaland

এনবিচিচি

ৰাজনৈতিক ভূমিকাত অৱতীৰ্ণ হৈছে নাগালেণ্ড বেপ্তিষ্ট চাৰ্চ্চ কাউন্সিল।

এ’ন বি চি চিৰ সাধাৰণ সম্পাদক ৰেৱাৰেণ্ড ডঃ জে’লৌ কীহ’ই ৰাজ্যখনৰ ভোটাৰসকলক সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা যিকোনো ৰাজনৈতিক দলৰ পৰা সতৰ্ক থকাৰ বাবে আহ্বান জনাইছে।

গীৰ্জাৰ নেতাজনে কয়, ‘সাম্প্ৰদায়িক কাৰ্য্যসূচী থকা দলক ভোট দিয়াতো গীৰ্জা আৰু ভোটাৰসকলৰ বাবে দুৰ্ভাগ্যজনক হ’ব।’

সংগঠনটোৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ২১ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা মককচাঙৰ ইম্পুৰত এক সংবাদমেলত শুকুৰবাৰে এই মন্তব্য আগবঢ়াইছে নেতাজনে।

তেওঁ সজোৰে ঘোষণা কৰে যে সাম্প্ৰদায়িক ধাৰাৰ যিকোনো দল বা ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশ এখনত অন্য ধৰ্মৰ অনুগামীসকলৰ অধিকাৰক দমাই ৰাখিব খোজাৰ বিৰুদ্ধে এনবিচিচিয়ে সংগঠন হিচাপে থিয় দিব।

সংগঠনটোৰ নিকা নিৰ্বাচন অভিযান (Clean Election Campaign) উদ্যোগৰ বিষয়ে জনাই কীহ’ই কয় যে ৰাজ্যখনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত ‘খ্ৰিষ্ট্ৰীয় মূল্যবোধ আৰু নীতিসমূহ’ (Christian values and principles)ৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে লোৱা ই এক নৈতিক আন্দোলন।

গীৰ্জাই এই অভিযানৰ যোগেদি কোনো ৰাজনীতি খেলা নাই বুলিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে।

তেওঁ জনাই যে গীৰ্জাই নাগাসকলৰ বিৱেক জাগ্ৰত কৰিব খুজিছে আৰু দুৰ্নীতি নিৰ্মূলকৰণৰ বাবে নিৰ্বাচনক এক নৈতিক আৰু অধ্যাত্মিক বিষয় হিচাপে চোৱাত তেওঁলোকক সহায় কৰিব খুজিছে।

তেওঁ কয়, ‘ই এক অবিৰত অভিযান আৰু নিৰ্বাচন শেষ হোৱাৰ পিছতো ই অব্যাহত থাকিব।’

এনবিচিচিৰ অধ্যক্ষ তথা নিকা নিৰ্বাচন অভিযানটোৰ আহ্বায়ক ৰেৱাৰেণ্ড ডঃ মাৰ এতচংচ্চে’ঞ্জাৰে কয় নাগাসকল যদি যীশু খ্ৰিষ্টৰ নীতি আৰু শিক্ষা মানি চলা প্ৰকৃত খ্ৰিষ্টান হয় তেন্তে খৃষ্টান দৃষ্টিভ্ংগীৰ পৰা নিকা নিৰ্বাচন তেনেই এটা সহজ কাম।

তেওঁ কয় যে এক দায়িত্ব্শীল সংগঠন হিচাপে এনবিচিচিয়ে কোনো ৰাজনৈতিক দলকে সমৰ্থন বা বিৰোধিতা নকৰে।

তেওঁ লগতে কয় যে এই নিকা নিৰ্বাচন অভিযানৰ লক্ষ্য ভাল নেতা আৰু ভাল শাসনৰ বাট মুকলি কৰা।

ৰেৱাৰেণ্ড ডঃ মাৰ এতচংচ্চে’ঞ্জাৰে  লগতে কয়, ‘নিৰ্বাচন ভাৰতীয় সংবিধানৰ ক্ষমতাৰ ভিতৰৰ প্ৰক্ৰিয়া হোৱাৰ বিপৰীতে নিকা নিৰ্বাচন হৈছে আমাৰ ভূমিৰ পৰা নিৰ্বাচনী প্ৰক্ৰিয়াটোত চলি থকা অশুভ কাৰ্য্যকলাপসমূহ আঁতৰ কৰাৰ এক আধ্যাত্মিক আন্দোলন। সেয়ে আমাৰ উদ্দেশ্য বেলেগ আৰু ইয়াক লৈ বিভ্ৰান্ত হোৱা অযুগুত।’