সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত হিন্দু সংহতিৰ সভাপতিৰ বিৰুদ্ধে থানাত এজাহাৰ

হিন্দু সংহতিৰ সভাপতি দেৱতানু ভট্টাচৰ্যৰ বিৰুদ্ধে উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ হাতীগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হয়। শিলচৰত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি তেওঁ মুছলমান সকলৰ অসমত থকাৰ কোনো অধিকাৰ নাই বুলি মন্তব্য কৰি জনসাধাৰণক মুছলমান সকলৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বলৈ উচটনি দিয়ে বুলি অভিযোগ উঠিছে। ৩ ডিচেম্বৰত হাতীগাঁও আৰক্ষী চকীত গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে ভট্টাচৰ্যৰ উক্ত মন্তব্যৰ বিৰুদ্ধে এজাহাৰখন দাখিল কৰে। এনেধৰণৰ মন্তব্যই সমাজৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত বিদ্বেষৰ সৃষ্টি কৰিব বুলি এজাহাৰখনত উল্লেখ কৰি হকে কয় ‘ৰাজ্যখনত যুগ যুগ ধৰি চলি অহা সাম্প্ৰদায়িক সম্প্ৰীতিক বিঘ্নিত কৰিবলৈ চেষ্টা কৰা তেওঁৰ এনে আচৰণক আমি গৰিহণা দিছো’। উক্ত ঘটনাৰ এক ন্যায়িক তদন্ত কৰি অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ মইনুল হকে চৰকাৰক আহ্বান জনায়।