‘সোণোৱালে নহয় আৰ এচ এচে চলাইছে চৰকাৰ’ : বিধানসভা গেৰুৱাকৰণৰ অভিযোগেৰে বাজেট অধিৱেশনৰ প্ৰথম দিন বৰ্জন কংগ্ৰেছৰ

budget

কংগ্ৰেছৰ বাজেট অধিৱেশন বৰ্জন

কংগ্ৰেছ বিধায়কসকলে বিধানসভা গেৰুৱাকৰণ হোৱা বুলি অনা গুৰুতৰ অভিযোগেৰে মঙলবাৰে এক বিশৃংখল পৰিৱেশৰ মাজত আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰক সমালোচনা কৰি কয়, ‘সৰ্বানন্দ সোণোৱালে নহয় আৰ এচ এচে চৰকাৰ চলাইছে।’

এই প্ৰৱণতাক ‘গভীৰ উদ্বিগ্নতাৰ বিষয়’ৰূপে অভিহিত কৰি গগৈয়ে কয় যে ‘ইয়াৰ পিছত কাইলে তেওঁলোকে সংসদ আৰু নিৰ্বাচন আয়োগ নিয়ন্ত্ৰণ কৰিব খুজিব’।

কংগ্ৰেছ দলে ‘ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰা’ বুলি সদৰী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেলত কয় যে ৰাজ্যপালৰ ‘ভাষণত চৰকাৰখনক স্বচ্ছ আৰু নিকা বুলি দাবী কৰাৰ বিপৰীতে বাস্তৱটো সম্পূৰ্ণ ওলোটা।’

তেওঁ কয়, ‘চৰকাৰ নিজৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে। ৰাজ্যত অবাধ গতিত বালি, শিল আৰু কাঠৰ অবৈধ চিণ্ডিকে’ট চলি আছে। মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। শেহতীয়াকৈ ডিমা হাচাওত নিৰীহ প্ৰতিবাদীৰ ওপৰত পুলিচে গুলীচালনা কৰিছে। অথচ এইসমূহ বিষয়ে ৰাজ্যপালৰ ভাষণত ঠাই পোৱা নাই।’

ৰাজ্যৰ মুখ্য সচিব ৱি কে’ পিপাৰচেনিয়াক সমালোচনা কৰি গগৈয়ে কয়, ‘আৰ এচ এচৰ পুতলা পিপাৰচেনিয়াই চৰকাৰ চলাইছে।’

‘আনকি হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক’ গগৈৰ ‘বিৰুদ্ধে অভিযোগ দিওঁতে পিপাৰচেনিয়াক আৰ এচ এছৰ মানুহ বুলিছিল’ বুলি সদৰী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়, ‘তেতিয়া মই কথাটোত গুৰুত্ব দিয়া নাছিলো কিন্তু এতিয়া বুজিছো যে তেওঁ ঠিকেই কৈছিল।’

চৰকাৰ আৰ এচ এচে পৰিচালিত কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ বিধায়কসকলে অধিৱেশনৰ আৰম্ভণিৰ দিনাৰ পৰম্পৰাগত ফটো আৰু চাহ পৰ্ব বৰ্জন কৰে।