সোপাধৰাক কেন্দ্ৰ কৰি চৰাইদেউত উত্তপ্ত পৰিস্থিতি; তিনিজনক গণপ্ৰহাৰ

Sapekhati

ফটো ফে'চবুকৰ পৰা সংগৃহীত

সোপাধৰাক কেন্দ্ৰ কৰি চৰাইদেউৰ জিলা সাপেখাতীত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোত সোপাধৰাৰ সন্দেহত উত্তৰ প্ৰদেশৰ  তিনিজন লোকক ৰাইজে গণপ্ৰহাৰ কৰে।

উল্লেখযোগ্য যে সাপেখাতিৰ কঠিয়াখুন্দা, বিষ্ণুপুৰ, আটালপথাৰ, বৰটিমন আদি অঞ্চলত আজি কিছুদিন ধৰি সোপাধৰাৰ আতংক বিৰাজ কৰি আহিছিল। এই আতংকৰ মাজতে স্থানীয় ৰাইজে উত্তৰ প্ৰদেশৰ বাবাৰূপি লোক কেইজনক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায়।

অৱশ্যে সাপেখাতী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকেইজনক উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে।

লোককেইজনক ক্ৰমে অশোক নাথ, কৃষ্ণা নাথ আৰু ৰাজবিৰ নাথ বুলি চিনাক্ত কৰা হৈছে। লোককেইজনক পিছত চিকিৎসালয়লৈ নি পাৰম্ভিক চিকিৎসা প্ৰদান কৰা হয়।

আনহাতে সোপাধৰা আতংকত গাওঁবাসীয়ে উজাগৰে পহৰা দি নিশা পাৰ কৰিব লগীয়া হৈছে যদিও এইক্ষেত্ৰত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে ইয়াৰ ফলতে ক্ষুব্ধ অঞ্চলবাসীয়ে অচিনাক্ত লোক দেখা পালেই সোপাধৰা বুলি সন্দেহ কৰিবলৈ ধৰিছে।