সোপাধৰাৰ নামত অপপ্ৰচাৰ চলোৱা ছিপাঝাৰৰ যুৱকক গ্ৰেপ্তাৰ দৰং আৰক্ষীৰ

fake-news-570x320

সোপাধৰাৰ নামত ৰাজ্যজুৰি অভাৱনীয় তথা হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে ছ’চিয়েল মিডিয়া যোগে সোপাধৰাৰ নামত অপপ্ৰচাৰ চলোৱা এজন যুৱকক আজি দৰং আৰক্ষীয়ে ছিপাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ টিয়ে জনোৱা অনুসৰি যোৱা ৮ জুনত শ্ৰুভ্ৰজিং কাশ্যপ নামৰ এজন যুৱকে তেওঁৰ নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে সোপাধৰাৰ ভুৱা বাতৰি প্ৰকাশ কৰিছিল। তাৰোপৰি যুৱকজনে আজি পুনৰ ফেচবুকৰ অপব্যৱহাৰ কৰি হিংসাত্মক মন্তব্য কৰিছিল। আৰু সেই অপৰাধতেআজি দৰং আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

জিলাখনৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুগুৰি নিবাসী খিতেশ্বৰ শৰ্মাৰ পুত্ৰ শুভ্ৰজিৎ কাশ্যপৰ ওপৰত ছিপাঝাৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৬৭ নম্বৰ ধাৰাৰ অধীনত ৪০৯/১৮ ১৫৩/২৯৪/২৯৫(এ)/২৯৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।

উল্লেখ্য যে যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত দুই নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰা ঘটনাৰ পাছতে এতিয়া অসমৰ সৰ্বত্ৰে আৰক্ষী প্ৰশাসনে সোপাধৰাৰ নামত অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে।