• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সৌভাগ্য’ আঁচনি মুকলি : ২০১৯ৰ ভিতৰত প্ৰতিটো ঘৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2018 9:06 am
সৌভাগ্য আঁচনিখন মুকলি কৰা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

সৌভাগ্য আঁচনিখন মুকলি কৰা অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

1.3k
VIEWS
Share on FacebookShare on Twitter

২০১৯ ৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন ঠাইৰ, প্ৰতিখন গাৱঁৰ প্ৰতিটো ঘৰত বিদ্যুৎ সংযোগ দিয়াৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। এই বৃহৎ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে ‘সৌভাগ্য’ নামৰ এখন আঁচনি মুকলি কৰিছে।

২৩ জানুৱাৰিত গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত এই ‘সৌভাগ্য’ নামৰ আঁচনিখন ‘প্ৰধান মন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা’ৰ অধীনত শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) আৰ কে সিঙে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাসকে ধৰি কেইবাগৰাকীও বিধায়কো উপস্থিত আছিল। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় যে সমগ্ৰ ভাৰতৰ ১৯ হাজাৰখন গাঁৱৰ ১৭ হাজাৰ গাঁৱত ইতিপূৰ্বে বিজুলী সংযোগ সম্পূৰ্ণ হৈছে। এতিয়া বাকী যি দুহেজাৰখন গাঁও আছে তাত ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰতে বিজুলী সংযোগৰ কাম সম্পূৰ্ণ হ’ব। তেওঁ ‘বিজুলী’ক বিকাশৰ প্ৰতীক বুলি অভিহিত কৰে। অসমৰো প্ৰত্যেকখন গাওঁ, প্ৰত্যেকটো ঘৰলৈ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী সিঙে।

কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে ‘সৌভাগ্য’ আঁচনিৰ অধীনত দুখীয়া লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ লাভ কৰিব। একেদৰে অন্যান্যসকলে মাত্ৰ পাঁচশ টকাতে বিদ্যুৎ সংযোগ পাব। এই ধনো আকৌ হিতাধিকাৰীয়ে একেবাৰতে দিব নালাগে। আনহাতে আঁচনিৰ আধীনত কোনো লোক বাদ পৰিলে চিন্তা কৰিব নালাগে, এটা মেছেজ দিলেই বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমে প্ৰগতিৰ পথত আগবাঢ়িছে বুলিও প্ৰশংসা কৰে।

আনহাতে অনুষ্ঠানটোতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৩ খন জিলাৰ ২৬ হাজাৰখন গাঁৱত বিজুলী যোগান ধৰাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে শক্তি খণ্ডত প্ৰায় চৈধ্য হাজাৰ কৰ্মচাৰী আছে। এই কৰ্মচাৰীসকলে যদি সিদ্ধান্ত লয় যে অসমৰ মানুহক ২৪ ঘণ্টাই বিদ্যুৎ দিম, তেন্তে অসম কেতিয়াও অন্ধকাৰত নাথাকিব। এনে পৰিস্থিতিত স্বচ্ছতা,নিষ্ঠা, সততাৰে সকলোকে নিজ কৰ্তব্য কৰি যাবলৈ মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়।

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণ কল্যাণৰ হকে বিভিন্ন আঁচনি হাতত লৈ আহিছে। এনে আঁচনিৰ পৰা জনসাধাৰণ যাতে উপকৃত হয়,তাৰ বাবে সকলোৱে টীম আছাম হিচাপে কাম কৰিব লাগিব।

অনুষ্ঠানত অসম চৰকাৰৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাসে কয় যে বৰ্তমানো ৰাজ্যত ২৫ লাখ মানুহক বিজুলী দিব পৰা নাই। কিন্তু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ অধীনত ২০১৯ চনৰ ভিতৰতে প্ৰত্যেক ঘৰ মানুহক বিদ্যুৎ প্ৰদান কৰা হ’ব। অহা ৮ ফেব্ৰুৱাৰিৰ পৰা এনে বিদ্যুৎ সংযোগৰ বাবে পঞ্জীয়নৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰি মন্ত্ৰী দাসে কয় যে আৰ্থিকভাৱে পিছপৰা, দৰিদ্ৰ মহিলা,দিব্যাংগসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ’ব বিদ্যুৎ সংযোগ।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd