‘সৌভাগ্য’ আচঁনিৰ জৰিয়তে পোহৰাব মিজোৰামৰ অন্ধকাৰত থকা পৰিয়ালক

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি প্ৰধান মন্ত্ৰী চহজ বিজলী হৰ ঘৰ য়োজনা-‘সৌভাগ্য’ৰ অধীনত ভাৰতৰ যি সকল পৰিয়াল এতিয়াও অন্ধকাৰত আছে সেই পৰিয়ালক বিজুলী যোগান ধৰাৰ প্ৰয়াসেৰে এই আচঁনিৰ শুভাৰম্ভ হয় মিজোৰামত। মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানৱালাই আইজলস্থিত চাইনড কনফাৰেন্স চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত এই আচঁনিৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই ‘সৌভাগ্য’ আচঁনিৰ জৰিয়তে মিজোৰামৰ গাঁও তথা চহৰ অঞ্চলৰ যথেষ্ট সংখ্যক পৰিয়াল লাভান্বিত হ’ব।

‘কেন্দ্ৰই ২০১৯ চনৰ মাৰ্চৰ ভিতৰত এই আচঁনিখনক বাস্তৱায়িত ৰূপ দিয়াৰ চেষ্টা কৰিছে যদিও মিজোৰামত এই বছৰৰ ডিচেম্বৰৰ শেষৰ ফালে আচঁনিখনক বাস্তৱ ৰূপ দিয়াৰ চেষ্টা কৰিছো,’ মুখ্য মন্ত্ৰী থানৱালাই এইদৰে মন্তব্য কৰে।

ইয়াৰ উপৰি তেওঁ কয় যে যিসকল গাঁৱত এতিয়াও বিজুলী বাতিৰ সংযোগ নাই সেইসকল গাঁৱত বিজুলী সংযোগ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিব। এই উদ্দেশ্যেৰে ৰাজ্যৰ প্ৰত্যেকখন গাঁৱৰ পৰিয়ালে সৌৰ শক্তি ব্যৱহাৰ কৰিব পৰা সুবিধাও প্ৰদান কৰা হ’ব বুলি কয় মুখ্য মন্ত্ৰীজনে।

বিদ্যু প্ৰকল্প নিৰ্মানৰ ফলত পৰিৱেশ যথেষ্ট পৰিমানে প্ৰদূষিত হোৱাৰ উপৰি জলবায়ু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় কিন্তু সৌৰ শক্তি ব্যৱহাৰৰ ফলত এই সমস্যা সমূহ বহু পৰিমানে হ্ৰাস পাব বুলি থানৱালাই মন্তব্য কৰে। ইয়াৰ উপৰি কয়, ‘ দেশৰ অন্য ৰাজ্য সমূহে এই আচঁনি ৰূপায়ন কৰাৰ আগতে আমাৰ ৰাজ্যত সফলতাৰে আমি এই আচঁনি বাস্তৱায়িত ৰূপ দিম’।

আনহাতে মিজোৰামৰ উন্নয়নৰ হাৰ দেশৰ আন ৰাজ্যতকৈ অধিক হোৱা বাবে মুখ্য মন্ত্ৰীয়ে ৰাজ্যবাসীক কৃতজ্ঞতা জনাইছে উক্ত অনুষ্ঠানতে। তেওঁ লগতে কয় যে অতি শীঘ্ৰে মিজোৰাম বিদ্যু শক্তি ৰাজ্য হিচাপে পৰিচিত হ’ব আৰু বিদ্যু উৎপাদনত সকলো প্ৰতিৱেশী ৰাজ্যক চেৰ পেলাব।

উল্লেখ্য যে ‘সৌভাগ্য’ আচঁনিৰ জৰিয়তে ভাৰতৰ মুঠ ৪০০ লাখ পৰিয়ালক সাঙুৰি ল’ব। আচঁনিখন ৰূপায়ন কৰাৰ বাবে কেন্দ্ৰই ৮৫ শতাংশ ধন দিয়াৰ উপৰি মিজোৰাম চৰকাৰে ১৫ শতাংশ ধন আচঁনিখন ৰূপায়ন কৰাৰ বাবে ব্যৱহাৰ কৰিব লাগিব।