কুকুৰমাৰাৰ আমতলা গাঁৱত সৌৰচাকি  সংস্থাপন গুৱাহাটী আইআইটিৰ ছাত্ৰৰ

IIT

কামৰূপ জিলাৰ কুকুৰমাৰাৰ আমতলা গাঁৱত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’ল’জী চমুকৈ আইআইটি গুৱাহাটীৰ এটি ছাত্ৰৰ দলে অলপতে পাঁচটা সৌৰচাকি সংস্থাপন কৰে।

আইআইটি গুৱাহাটীৰ Techniche ২০১৮ৰ অংশ স্বৰপে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে আইআইটি গুৱাহাটীৰ Techniche দলটোৱে স্বেচ্ছামূলকভাৱে আমতলা গাঁৱৰ ৰাইজ আৰু ছাছকানেক্ট প্ৰাইভেট লিমিটেডৰ সহযোগত সৌৰচাকিকেইটা সংস্থাপন কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কাৰিকৰী বা আন্তঃগাঁথনিগতভাৱে আমতলা গাঁওখন এতিয়াও বহুক্ষেত্ৰত পিছপৰি আছে। সেয়েহে আইআইটি গুৱাহাটীৰ এই সৌৰচাকি সংস্থাপন গাঁৱবাসীৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে ৰাইজে।

আনহাতে বিগত প্ৰায় কেইবাবছৰ ধৰি পৰাম্পৰাগত বৈদ্যুতিক লাইটৰ পৰিৱৰ্তে আইআইটি গুৱাহাটীয়ে ছাছকানেক্ট প্ৰাইভেট লিমিটেডৰ সহযোগত বিভিন্ন পিছপৰা অঞ্চলত সৌৰচাকি সংস্থাপন কৰি আহিছে বুলি প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৰ এটি শীৰ্ষ সূত্ৰই।

জানিব পৰা মতে গুৱাহাটী আইআইটিৰ Techniche দলে এতিয়ালৈকে প্ৰায় ৫০খনতকৈ অধিক গাঁৱত প্ৰায় ১০০টা এলইডি ষ্ট্ৰীট লাইট সংস্থাপন কৰিবলৈ সক্ষম হৈছে।